ETV Bharat / bharat

Protest at San Francisco Indian Consulate : ভাৰতীয় কনচুলেটত আক্ৰমণ খালিস্তান সমৰ্থকৰ - Protest at San Francisco Indian Consulate

আৰক্ষীৰ বেৰিকেট ভাঙি ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ খালিস্তান সমৰ্থক প্ৰতিবাদকাৰীৰ (Protest at San Francisco Indian Consulate)। কনচুলেটৰ চৌহদত খালিস্তানীৰ পতাকা লগোৱাৰ চেষ্টা প্ৰতিবাদকাৰীৰ । ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী প্ৰৱাসী ভাৰতীয়ৰ ।

Protest at San Francisco Indian Consulate
ভাৰতীয় কনচুলেটত আক্ৰমণ খালিস্তান সমৰ্থকৰ
author img

By

Published : Mar 20, 2023, 7:33 PM IST

নেশ্যনেল ডেস্ক,২০ মাৰ্চ : পঞ্জাৱ আৰক্ষীৰ খালিস্তান সমৰ্থক বিৰোধী অভিযানে বিশ্বজুৰি চৰ্চা লাভ কৰিছে (Operation against Khalistan supporters)। বিদেশতো একাংশ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে । লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তালয়ৰ উপৰিও দেওবাৰে খালিস্তান পন্থী প্ৰতিবাদকাৰীৰ এটা দলে ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ কৰে (Protest at San Francisco Indian Consulate)। ইফালে দোষীসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে । ভাৰতীয় আমেৰিকানসকলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে বিভিন্নজনক ।

Foundation for India and Indian Diaspora Studiesয়ে ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ সন্দৰ্ভত কয় যে লণ্ডনৰ লগতে এছএফঅ'ত সম্পূৰ্ণ আইন-শৃংখলা বিফলতাৰ বাবে তেওঁলোক আচৰিত হৈছে ।

উল্লেখ্য যে খালিস্তান পন্থী শ্ল'গান দি প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ অস্থায়ী বেৰিকেট ভাঙি কনচুলেট চৌহদত প্ৰৱেশ কৰিছিল । লগতে দুখনকৈ খালিস্তানী পতাকা ওলোমাইছিল । অৱশ্যে দুগৰাকী কনচুলেট কৰ্মীয়ে পতাকাবোৰ আঁতৰাই দিছিল (Attack on San Francisco Indian Consulate)। তাৰ পাছতে, উত্তেজিত প্ৰতিবাদকাৰীৰ এটা দলে কনচুলেট চৌহদত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ হাতত থকা ৰডবোৰেৰে দুৱাৰ আৰু খিৰিকীবোৰ লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰে ।

ইফালে নেতা অজয় ভূটৰিয়াই ছান ফ্ৰান্সিস্কোৰ কনচুলেট অৱ ইণ্ডিয়া ভৱনত খালিস্তান পন্থী প্ৰতিবাদকাৰীৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁ কয় যে এই হিংসাত্মক কাৰ্য কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত কূটনৈতিক সম্পৰ্কৰ বাবেই ভাবুকি নহয়, সম্প্ৰদায়টোৰ শান্তি আৰু সম্প্ৰীতিৰ ওপৰতো আক্ৰমণ ।

এক বিবৃতিযোগে ভূটৰিয়াই স্থানীয় কৰ্তৃপক্ষক এই আক্ৰমণত জড়িতসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । আনহাতে সম্প্ৰদায়ৰ সকলো লোককে একত্ৰিত হৈ শান্তি-সম্প্ৰীতি বৃদ্ধি কৰিবলৈ আহ্বান জনায় ।

FIIDSয়ে হোমলেণ্ড চিকিউৰিটি বিভাগ, এফবিআইৰ লগতে চিআইএৰ দৰে আইন-শৃংখলা প্ৰতিষ্ঠানসমূহক দাবী জনাই যাতে আমেৰিকা যুক্তৰাষ্ট্ৰত সন্ত্ৰাসবাদে কোনো স্থান নাপায় (FIIDS reacts over Indian Consulate attack)। আনকি পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে শিখ বিৰোধীক ভুৱা প্ৰচাৰৰ বাবে উৎসাহিত কৰা আৰু পুঁজি যোগান ধৰাৰ আঁৰত আছে বুলি সন্দেহ কৰিছে ।

লগতে পঢ়ক :Habeas corpus petition for Amritpal Singh : অমৃতপালৰ বাবে আদালতত হাবিয়াছ কৰ্পছ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.