নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ : ডেৰাডুনস্থিত ভাৰতীয় সামৰিক একাডেমিত শনিবাৰে উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ramnath Kovind reached IMA in Dehradun)। একাডেমিৰ ৩৮৭ গৰাকী কেডেটৰ সমাৱৰ্তন কাৰ্যসূচীত অংশ লয় ৰাষ্ট্ৰপতিগৰাকীয়ে ।
৩১৯ গৰাকী ভাৰতীয় কেডেটে পেৰেডৰ পাছতে ভাৰতীয় সেনাত লেফটেনেণ্ট হিচাপে দায়িত্ব ল'ব ।
আনহাতে, একাডেমিৰ পৰা আফগানিস্তান, ভূটান, শ্ৰীলংকা, নেপাল, মালদ্বীপ, ম্যানমাৰ, তাঞ্জানিয়া আৰু তুৰ্কীকে ধৰি ৮ খন দেশৰ বাকী ৬৮ গৰাকী কেডেট উত্তীৰ্ণ হৈছে ৷ তেওঁলোকে নিজৰ দেশত সামৰিক বিষয়া হিচাপে যোগদান কৰিব । ৰাষ্ট্ৰপতি কোবিন্দে IMA বেচ ২০২১ ৰ সমাৱৰ্তন পেৰেডত পৰ্যালোচনাকাৰী বিষয়া হিচাপে অভিবাদন গ্ৰহণ কৰে ।
শুকুৰবাৰে ডেৰাডুনত উপস্থিত হোৱাৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীক লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) গুৰমীট সিং, কেবিনেট মন্ত্ৰী সতপাল মহাৰাজ আৰু অন্যান্য শীৰ্ষ বিষয়াসকলে আদৰণি জনায় । ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপালে কেদাৰনাথ মন্দিৰৰ প্ৰতিকৃতি স্মাৰক হিচাপে উপহাৰ দিয়ে ।
লগতে পঢ়ক : Mortal remains of General Rawat: সামৰিক মৰ্যদাৰে সম্পন্ন শেষকৃত্য