ETV Bharat / bharat

Preity Zinta visits Kamakhya: অভিনেত্ৰী প্ৰীতি জিন্টাৰ কামাখ্যা দৰ্শন; ইনষ্টাগ্ৰামযোগে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ক'লে এই কথা - Preity Zinta visits Kamakhya

শনিবাৰে গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ উপস্থিত হয় বলীউডৰ জনপ্ৰি অভিনেত্ৰী প্ৰীতি জিন্টা । একে সময়তে 'অভিনেত্ৰীগৰাকীয়ে মন্দিৰ ভ্ৰমণৰ ছবিৰ এক ভিডিঅ' কোলাজ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

Preity Zinta visits Kamakhya shrine despite delayed flight and sleepless night: 'All seemed worth once I entered temple'
অভিনেত্ৰী প্ৰীতি জিন্টাৰ কামাখ্যা দৰ্শন, ইনষ্টাগ্ৰামযোগে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ক'লে এই কথা
author img

By

Published : Apr 8, 2023, 12:49 PM IST

চিটাৰা ডেস্ক, 8 এপ্ৰিল: বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টা দীৰ্ঘদিন ধৰি ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছিল যদিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযুক্ত হৈ আছে আৰু জীৱনৰ প্ৰতিটো সৰু-ডাঙৰ আপডেট শ্বেয়াৰ কৰি আহিছে । উল্লেখ্য যে, শনিবাৰে গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী, সেই মূহোৰ্তৰ ছবি তেওঁ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে (Preity Zinta visits Kamakhya) ।

Preity Zinta visits Kamakhya shrine despite delayed flight and sleepless night: 'All seemed worth once I entered temple'
অভিনেত্ৰী প্ৰীতি জিন্টাৰ কামাখ্যা মন্দিৰ, ইনষ্টাগ্ৰামযোগে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ক'লে এই কথা

প্ৰীতিয়ে এক চৰ্ট ভিডিঅ'যোগে কামাখ্যা মন্দিৰ, আশে-পাশে থকা কাষৰ পূজাৰ সামগ্ৰীৰ দোকানসমূহ আৰু কামাখ্যা মন্দিৰৰ পুখুৰীৰ আভাসো ক্লিপটোত শ্বেয়াৰ কৰে । ভিডিঅ’ কোলাজত প্ৰীতিয়ে কামাখ্যা মন্দিৰৰ আৰ্হিৰ এক মূৰ্তি এজন সাধুৰ পৰা উপহাৰ হিচাবে গ্ৰহণ কৰি থকা দেখা গৈছে । লগতে অভিনেত্ৰীগৰাকীয়ে মন্দিৰ চৌহদৰ ভিতৰত বহু চেলফি ক্লিক কৰে (Preity Zinta Instagram)।

ইফালে ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰীতিয়ে কেপচনত লিখে যে, "মোৰ গুৱাহাটীলৈ যোৱাৰ এটা কাৰণ আছিল বিখ্যাত কামাখ্যা দেৱী মন্দিৰ দৰ্শন কৰা । যদিও আমাৰ বিমানখন কেইবা ঘণ্টা পলম হৈছিল আৰু মই গোটেই ৰাতি সাৰ পাই আছিলো । কিন্তু যেতিয়া মই মন্দিৰত প্ৰৱেশ কৰিলোঁ ।" , ইয়াৰ সকলোবোৰ মূল্যৱান অনুভৱ হৈছিল.. তালৈ যোৱাৰ সময়ত এক শক্তিশালী কম্পন আৰু শান্তি অনুভৱ কৰিছিলোঁ (Preity Zinta visits Kamakhya temple in Guwahati) ।"

গুৱাহাটীলৈ অহা সকললৈ এই আহ্বান জনালে প্ৰীতিয়ে

প্ৰীতিয়ে আৰু লিখিছে, "এই শান্তি আৰু ,সম্প্ৰীতিৰ মুহূৰ্তবোৰে মোৰ চৌপাশৰ সকলো বিশৃংখলতা আৰু বিচাৰৰ আদি দূৰ কৰে আৰু ইয়াৰ বাবে মই কৃতজ্ঞ । আপোনালোকৰ কোনোবাই যদি গুৱাহাটী ভ্ৰমণ কৰে তেন্তে এই অবিশ্বাস্য মন্দিৰটো মিছ নকৰিব (Preity Zinta in Guwahati) । আপুনি মোক পিচত ধন্যবাদ ক'ব পাৰে । জয় মা কামাখ্যা - জয় মাতা দি (Preity Zinta latest news) ।"

প্ৰীতি জিন্টা গুডিনফক বিয়া কৰাইছিল

সম্প্ৰতি প্ৰিটিয়ে স্বামী জিন গুডেনাফৰ সৈতে আমেৰিকাত বসবাস কৰে । ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত লছ এঞ্জেলছত জিন গুডেনাফৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । দুয়োজনেই ২০২১ চনত যমজ সন্তান জয় আৰু জিয়াৰ পিতৃ-মাতৃ হৈছিল । চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰি প্ৰীতিয়ে ইনষ্টাগ্ৰামত এক পোষ্ট শ্বেয়াৰ কৰে (actor Preity Zinta) ।

লগতে পঢ়ক: Priyanka Chopra: কন্যাৰ সৈতে সিদ্ধিবিনায়কত উপস্থিত প্ৰিয়ংকা; নেটিজেনে ক’লে -তেওঁলোকে আমাক অনুমতি নিদিয়ে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.