ETV Bharat / bharat

PM Modi to visit France : ৩ দিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু UAE যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Jul 13, 2023, 10:32 AM IST

ফ্ৰান্স আৰু ইউএইৰ চৰকাৰী ভ্ৰমণৰ বাবে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । দুয়োখন দেশৰ সৈতে ভাৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত জোৰ দিব প্ৰধানমন্ত্ৰীয়ে । প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব মোডীয়ে ।

PM Modi to visit France
৩ দিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু UAE যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,১৩ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে পুৱা পালম বিমানবন্দৰৰ পৰা ফ্ৰান্স আৰু ইউএইৰ চৰকাৰী ভ্ৰমণৰ বাবে ৰাওনা হয় । ফ্ৰান্সলৈ যাত্ৰা কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ফ্ৰান্স ভ্ৰমণে দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বক এক নতুন গতি প্ৰদান কৰিব বুলি বিশ্বাস কৰিছে আৰু তেওঁ কৈছে যে অহা ২৫ বছৰত এই সময়-পৰীক্ষিত সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে বিস্তৃত আলোচনাৰ বাবে তেওঁ আশাবাদী ।

প্ৰধানমন্ত্ৰী মোডীয়ে এক বিবৃতিত কয় যে তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নক সাক্ষাৎ কৰিব আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্ব আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰিবলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছে ।

পেৰিছৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী মোডীয়ে ১৫ জুলাইত চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে ইউ এ ইৰ আবু ধাবিলৈ যাব । ইউএই ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু আবু ধাবিৰ শাসকসকলক সাক্ষাৎ কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে দুয়োখন দেশ বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, ফিনটেক, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ দৰে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ আমন্ত্ৰণত পেৰিছ ভ্ৰমণ কৰিব য'ত ১৪ জুলাইত বাষ্টিল দিৱসৰ কুচকাৱাজত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব । সেই অনুষ্ঠানত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এটা দলেও অংশগ্ৰহণ কৰিব । ফ্ৰান্স ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে দেশখনৰ প্ৰধানমন্ত্ৰীৰ লগতে চিনেট আৰু ফ্ৰান্সৰ নেচনেল এচেম্বলীৰ সাংসদসকলকো সাক্ষাৎ কৰাৰ কথা আছে । তেওঁ ফ্ৰান্সৰ প্ৰবাসী ভাৰতীয় আৰু ফৰাচী কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশিষ্ট ফৰাচী ব্যক্তিসকলৰ সৈতে পৃথকে বাৰ্তালাপ কৰিব ।

ইফালে ১৫ জুলাইত প্ৰধানমন্ত্ৰী মোডীয়ে আবু ধাবি ভ্ৰমণ কৰিব আৰু ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ'ব । ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপসাগৰীয় দেশখনলৈ পঞ্চম ভ্ৰমণ হ'ব । ইয়াৰপূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ জুন, ২০১৯ চনৰ আগষ্ট , ২০১৮ চনৰ ফেব্ৰুৱাৰী আৰু ২০১৫ চনৰ আগষ্টত UAE ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক :Manipur violence: স্থায়ী শান্তি বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক ব্যৱস্থা ল’বলৈ মণিপুৰৰ 31 বিধায়কৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.