ETV Bharat / bharat

৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By

Published : Dec 8, 2020, 1:41 PM IST

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ২০২১ চনৰ ৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব । প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন ভাৰত চৰকাৰৰ এক কাৰ্যসূচী, যিয়ে প্ৰবাসী ভাৰতীয়ৰ সৈতে যোগাযোগ স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ৯ জানুৱাৰীত উদ্বোধন কৰিব প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে আজি ১৬ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস ২০২১ৰ বাবে ৱেবছাইট উন্মোচন কৰিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰে যে, ৱেবছাইটৰ জৰিয়তে ইচ্ছুক লোকসকলে সন্মিলনত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰাব পাৰিব । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ বাবে ১৬ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কৰা হ'ব । প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন ভাৰত চৰকাৰৰ এক কাৰ্যসূচী, যি প্ৰবাসী ভাৰতীয়ৰ সৈতে যোগাযোগ স্থাপনৰ এক মঞ্চস্বৰূপ ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, প্ৰধানমন্ত্ৰীয়ে অহা ৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব । এই অনুষ্ঠানতে 'ভাৰত কো জানিয়ে কুইজ' প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নামো ঘোষণা কৰা হ'ব । এই সন্মিলনত দুটা প্লেনাৰী ছেছন থাকিব আৰু সেয়া হৈছে 'আত্মনিৰ্ভৰ ভাৰতত প্ৰবাসীৰ ভূমিকা' আৰু 'COVID-১৯ মহামাৰীৰ পিছৰ সময়ছোৱাত স্বাস্থ্য, অৰ্থব্যৱস্থা, সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আহিব পৰা প্ৰত্যাহ্বান' ।

লগতে পঢ়ক:গেৰুৱা বসন পৰিধান কৰিলে তেলেংগানা কংগ্ৰেছৰ কোষাধ্যক্ষ গুডুৰ নাৰায়ণ ৰেড্ডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.