ETV Bharat / bharat

Mehbooba Mufti : পুনৰ গৃহবন্দী মেহবুবা মুফটি !

author img

By

Published : Nov 23, 2021, 3:27 PM IST

Updated : Nov 23, 2021, 4:45 PM IST

পুনৰ গৃহবন্দী কৰি ৰখা হৈছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটি(Mehbooba Mufti)ক ৷ মঙলবাৰে জম্মু-কাশ্মীৰ প্ৰশাসনে গৃহবন্দী কৰি ৰাখে মুফটিক ৷

Placed under house arrest yet again, claims Mehbooba Mufti
পুনৰ গৃহবন্দী হ’ব লগা হ’ল মেহবুবা মুফতী

নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ : পুনৰ গৃহবন্দী কৰি ৰখা হৈছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপ’লছ ডেমক্ৰেটিক পাৰ্টী (People's Democratic Party)ৰ প্ৰধান মেহবুবা মুফটি (Mehbooba Mufti) ৷ মঙলবাৰে হায়দৰপোৰাত বিতৰ্কিত গুলীয়াগুলিৰ ঘটনাত প্ৰাণ হেৰুওৱা লোক দুজনৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ যাব বিচাৰিছিল যদিও প্ৰশাসনে তেওঁক গৃহবন্দী কৰি ৰাখে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মুফটিয়ে কয়, "মই আজি আলটাফ আৰু মুদাসিৰৰ বাসগৃহলৈ তেওঁলোকৰ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপনৰ বাবে যাব বিচাৰিছিলো ৷ কিন্তু প্ৰশাসনে মোক গৃহবন্দী কৰি ৰাখে ৷ তেওঁলোকে মোক বাহিৰলৈ যাবলৈ দিয়া নাই" ৷

তেওঁ লগতে কয়, "চলিত মাহত এয়া তৃতীয়বাৰৰ বাবে হৈছে ৷ যেতিয়া মোক মোৰ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ বাবে অনুমতি দিয়া হোৱা নাই ৷ ন্যায় বিচৰাটো অপৰাধ নেকি"?

উল্লেখ্য যে, যোৱা দেওবাৰে মুফটিয়ে নিহত নাগৰিক কেইজনৰ বাবে ন্যায় বিচাৰি গুপকাৰৰ নিজ বাসগৃহৰ পৰা ৰাজ্যপাল লেঃ মনোজ সিন্হাৰ বাসগৃহলৈ যাত্ৰা কৰিছিল ৷ বিগত সপ্তাহত আৰক্ষীয়ে শ্ৰীনগৰৰ হায়দৰপোৰা অঞ্চলত চাৰিজনকৈ সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত সকলৰ ভিতৰত হায়দৰ নামৰ এজন বিদেশী উগ্ৰপন্থী, তেওঁৰ সহযোগী আমিৰ, উগ্ৰপন্থী সহযোগী ড৹ মুদাছিৰ গুল আৰু এটা অট্টালিকাৰ মালিক মহম্মদ আলতাফ ভাট বুলি চিনাক্ত কৰা হৈছে । ইফালে, আমিৰ, আলতাফ আৰু মুদাছাৰৰ পৰিয়ালে আৰক্ষীৰ দাবীত বিৰোধিতা কৰি ন্যায় আৰু নিৰপেক্ষ তদন্তৰ দাবী জনায় ।

লগতে পঢ়ক : Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

Last Updated : Nov 23, 2021, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.