ETV Bharat / bharat

সংসদৰ নিৰাপত্তা উলংঘনৰ মাষ্টাৰমাইণ্ড ললিত ঝাৰ জিম্মা ৫ জানুৱাৰীলৈ বৃদ্ধি - parliament attack case

দিল্লীৰ পাটিয়ালা হাউছ আদালতে সংসদৰ নিৰাপত্তা উলংঘন গোচৰৰ মুখ্য অভিযুক্ত ললিত ঝাৰ আৰক্ষীৰ জিম্মা ৫ জানুৱাৰীলৈ বৃদ্ধি কৰিছে ।

সংসদৰ নিৰাপত্তা উলংঘনৰ মাষ্টাৰমাইণ্ড ললিত ঝাৰ জিম্মা ৫ জানুৱাৰীলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:54 PM IST

নিউজ ডেস্ক, ২২ ডিচেম্বৰ : দিল্লীৰ পাটিয়ালা হাউছ আদালতে সংসদত নিৰাপত্তা উলংঘনৰ অভিযোগত অভিযুক্ত ললিত ঝাৰ আৰক্ষীৰ জিম্মা ২০২৪ চনৰ ৫ জানুৱাৰীলৈ বৃদ্ধি কৰিছে । উল্লেখ্য যে শুকুৰবাৰে ললিত ঝাৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰে । ইয়াৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয় । আনহাতে, অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰদীপ কৌৰে ললিত ঝাৰ আৰক্ষীৰ জিম্মা পুনৰ বৃদ্ধি কৰে । ইফালে ২১ ডিচেম্বৰত সাগৰ শৰ্মা, নীলম, মনোৰঞ্জন ডি আৰু অমল শিন্দে নামৰ আন চাৰিজন অভিযুক্তৰ আৰক্ষীৰ জিম্মা ১৫ দিনলৈ বৃদ্ধি কৰা হয় ।

দিল্লী আৰক্ষীয়ে শুকুৰবাৰে গোচৰটোৰ অধিক তদন্তৰ বাবে ললিত ঝাৰ জিম্মা ১৫ দিনলৈ বৃদ্ধি কৰিবলৈ বিচাৰিছিল । আদালতে ১৫ ডিচেম্বৰত ঝাক শুকুৰবাৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । ললিত ঝাক ১৪ ডিচেম্বৰৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল । দিল্লী আৰক্ষীৰ মতে, ললিত ঝাই এই ঘটনাটো সংঘটিত কৰাৰ মূল পৰিকল্পনা কৰিছিল ।

উল্লেখ্য যে ২১ ডিচেম্বৰত আদালতে গোচৰটোৰ আন চাৰি অভিযুক্তৰ আৰক্ষীৰ জিম্মা ১৫ দিনলৈ বৃদ্ধি কৰিছিল । ১৪ ডিচেম্বৰত চাৰি অভিযুক্তক ২১ ডিচেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । আদালতে নীলম, সাগৰ শৰ্মা, ডি মনোৰঞ্জন আৰু অমল শিন্দেক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । দিল্লী আৰক্ষীয়ে ইউএপিএৰ ধাৰা ১৬এ-ৰ অধীনত এই অভিযুক্তসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে ।

উল্লেখ্য, ডিচেম্বৰৰ ১৩ তাৰিখে দুজন অভিযুক্তই সংসদৰ দৰ্শক গেলেৰীৰ পৰা লোকসভা চেম্বাৰত জঁপিয়াই পৰে । তাৰ পিছত ততালিকে এজন অভিযুক্তই ডেস্কৰ ওপৰেৰে খোজকাঢ়ি থাকোঁতে জোতাৰ পৰা কিবা এটা উলিয়ায় আৰু হঠাতে হালধীয়া ধোঁৱাই লোকসভা চেম্বাৰ ছানি ধৰে । এই ঘটনাৰ পিছত সদনত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । হুলস্থূল আৰু ধোঁৱাৰ মাজতে কেইগৰাকীমান সাংসদে যুৱক দুজনক ধৰে আৰু তেওঁলোকক প্ৰহাৰো কৰে । আনহাতে, আন দুজন লোককো সংসদৰ বাহিৰত শ্লোগান দিয়া আৰু হালধীয়া ধোঁৱা নিক্ষেপ কৰাৰ বাবে কৰায়ত্ত কৰা হয় ।

লগতে পঢ়ক :ছত্তীশগড় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৯ বিজেপি বিধায়কৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.