নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ: শনিবাৰে পঞ্জাৱৰ হোচিয়াৰপুৰ জিলাৰ নাছৰালাৰ সমীপৰ এটা অক্সিজেন প্ৰকল্পত সংঘটিত হয় এক ভয়াৱহ ঘটনা(Gas cylinder blast in Hoshiarpur) । অক্সিজেন প্ৰকল্পটোত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত নিহত হয় এজন শ্ৰমিক(One death in gas cylinder blast) ।
আনহাতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক । প্ৰাথমিক তদন্তত প্ৰকল্পটোত থকা এটা লিকুইড নাইট্ৰ'জেন গেচ ভৰ্তি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে ঘটনাটো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে(Liquid nitrogen gas cylinder exploded) ।
জে কে এণ্টাৰপ্ৰাইজেছ নামৰ অক্সিজেন প্ৰকল্পটোত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰা তদন্তত পোহৰলৈ আহিছে এই তথ্য় । মৃত লোকজন এজন প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে প্ৰকল্পটোত কাম কৰি আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে । অধিক তথ্যৰ সন্ধানৰ বাবে চণ্ডিগড়ৰ পৰা ফৰেনচিকৰ এটা দলক মাতি অনা বুলি উল্লেখ কৰে হোচিয়াৰপুৰৰ আৰক্ষী অধীক্ষক মনপ্ৰীত সিং ধিলনে ।
লগতে পঢ়ক: দিল্লীত কূটাঘাতৰ পৰিকল্পনা কৰা ৩ ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ NIA-ৰ