ETV Bharat / bharat

Viral fever in Kerala : এদিনতে হাস্পতালত ভিৰ ভাইৰেল জ্বৰত আক্ৰান্ত ১৩ হাজাৰ লোকৰ - Dengue fever rise in Kerala

ভাইৰেল জ্বৰে আতংকৰ সৃষ্টি কৰিছে কেৰালাত । সোমবাৰৰ দিনটোতে চিকিৎসকৰ কাষ চাপিছে ১৩ হাজাৰ আক্ৰান্তই । ডেংগু আৰু লেপ্টোস্পাইৰোচিছৰ ঘটনাও বৃদ্ধি ৰাজ্যখনত ।

Viral fever in Kerala
এদিনতে হাস্পতালত ভিৰ ভাইৰেল জ্বৰত আক্ৰান্ত ১৩ হাজাৰ লোকৰ
author img

By

Published : Jun 20, 2023, 5:11 PM IST

নেশ্যনেল ডেস্ক,২০ জুন : এইবাৰ কেৰালাত জ্বৰৰ সন্ত্ৰাস । ইজনৰ পাছত সিজন আক্ৰান্ত হৈছে ভাইৰেল জ্বৰত । একেদিনাই ১০,০০০ৰো অধিক ৰোগী চিকিৎসকৰ কাষ চাপিছে । যোৱা ১০ দিন ধৰি ৰাজ্যখনৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ১০,০০০ ৰো অধিক লোকে জ্বৰৰ চিকিৎসা কৰা দেখা গৈছে । যদি ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা লোকৰ সংখ্যাও পৰীক্ষা কৰা হয়, এই সংখ্যাটো দুগুণ হ'ব ।

সোমবাৰে প্ৰায় ১৩ হাজাৰ লোকে জ্বৰৰ চিকিৎসাৰ বাবে হাস্পতাললৈ গৈছে । ১২,৯৮৪ গৰাকী লোকে বিভিন্ন অ'পিত চিকিৎসা কৰাৰ সমান্তৰালকৈ ১৮০ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । জুনৰ আৰম্ভণিৰ পৰাই ভাইৰেল জ্বৰত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । জুন মাহত এতিয়ালৈ ৰাজ্যখনত ১,৬১,৩৪৬ গৰাকী লোকে জ্বৰৰ বাবে চিকিৎসা বিচাৰি হাস্পতাললৈ গৈছে ।

ৰাজ্যখনত ভাইৰেল জ্বৰৰ লগতে ডেংগু আৰু লেপ্টোস্পাইৰোচিছৰ ঘটনাও বৃদ্ধি পাইছে । কেৱল সোমবাৰৰ দিনটোতে ১১০ গৰাকী লোক ডেংগু জ্বৰত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে । ২১৮ গৰাকী লোকে ডেংগু জ্বৰৰ সন্দেহত হাস্পতাললৈ আহিছিল । তাৰ বেছিসংখ্যক ৰোগীয়ে এৰ্নাকুলাম জিলাৰ বুলি জানিব পৰা গৈছে । জুন মাহত ১০১১ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ।

একেদৰে ৰাজ্যখনত লেপ্টোস্পাইৰোচিছ ৰোগীৰ সংখ্যাও বাঢ়িছে । সোমবাৰে ৮ গৰাকী লোকক লেপ্টোস্পাইৰোচিছত আক্ৰান্ত বুলি চিনাক্ত হৈছে । ইফালে কেৱল জুন মাহতে ৭৬ গৰাকী লোক লেপ্টোস্পাইৰোচিছত আক্ৰান্ত হৈছে আৰু ১১৬ গৰাকী সন্দেহজনক ৰোগৰ বাবে চিকিৎসাধীন হৈ আছে । লেপ্টোস্পাইৰোচিছ যিহেতু অধিক বিপদজনক সেয়ে স্বাস্থ্য বিভাগে ৰাইজক অধিক সতৰ্ক হ'বলৈ পৰামৰ্শ দিছে । অনুমান কৰা হৈছে যে প্ৰাক-মৌচুমীত অনাময় ব্যৱস্থাৰ বিফলতা আৰু কোচিকে ধৰি বিভিন্ন স্থানত আৱৰ্জনা নিষ্কাশনৰ অভাৱৰ বাবে ভাইৰেল জ্বৰ ভয়ংকৰভাৱে বিয়পি পৰিছে ।

ইফালে কেৰালাত ডেংগু জ্বৰত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত বিশেষ ৱাৰ্ড স্থাপন কৰা হৈছে । অধিক সংক্ৰমণ পৰিহাৰ কৰাৰ বাবেও বিভিন্ন পদক্ষেপ লোৱা হৈছে । স্বাস্থ্য বিভাগে চিকিৎসা মহাবিদ্যালয়সমূহত বিশেষ ৱাৰ্ড আৰু আইচিইউ স্থাপন কৰিবলৈও নিৰ্দেশ দিছে ।

লগতে পঢ়ক :Chinese surveillance: ম্যানমাৰৰ কোকো দ্বীপৰ পৰা ভাৰতৰ ওপৰত নিৰীক্ষণ চীনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.