ETV Bharat / bharat

নিৰ্বাচন হোৱা ৰাজ্যসমূহৰ ভিতৰত কেৱল বংগত হিংসাৰ উদ্ভৱ হয় : অধীৰ ৰঞ্জন চৌধুৰী

author img

By

Published : Apr 8, 2021, 2:03 PM IST

চাৰিখন ৰাজ্য আৰু এটি কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ সময়চোৱাত কেৱল পশ্চিমবংগতহে হিংসাত্মক ঘটনা সংঘটিত হয় ৷ ইয়াৰ বাবে দায়ী বিজেপি আৰু তৃণমূল কংগ্ৰেছ । বুধবাৰে এই কথা ব্যক্ত কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷

adhir ranjan chaudhary
অধীৰ ৰঞ্জন চৌধুৰী

নেশ্যনেল ডেস্ক,8 এপ্ৰিল : জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে বুধবাৰে এক সংবাদমেলযোগে কয় যে, চাৰিখন ৰাজ্য আৰু এটি কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত কেৱল পশ্চিম বংগতহে হিংসাত্মক কাৰ্য সংঘটিত হয় ৷ এই হিংসাত্মক ঘটনাৰ বাবে দায়ী বিজেপি আৰু তৃণমূল কংগ্ৰেছ দল ৷

ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি চৌধুৰীয়ে অৱশ্যে সাংবাদিকক কয় যে, নিৰ্বাচন আয়োগৰ প্ৰচেষ্টাৰ বাবে ইতিমধ্যে তিনিটা পৰ্যায়ত হোৱা নিৰ্বাচনত পূৰ্বতকৈ এনে ঘটনা কম হোৱা পৰিলক্ষিত হৈছে ৷ পশ্চিমবংগৰ উপৰিও আন তিনিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটগ্ৰহণ এক প্ৰক্ৰিয়াৰ মাজেৰে সমাপ্ত হৈছে ৷ কিন্তু কেৱল পশ্চিমবংগৰ পৰাই বুঠ দখলৰ প্ৰয়াস, ৰক্তপাত আৰু আক্ৰমণৰ দৰে ঘটনা শুনিবলৈ পোৱা গৈছে ৷

মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত পশ্চিম বংগৰ প্ৰতিদ্বন্দী দলসমূহৰ কৰ্মীয়ে দুগৰাকী মহিলাসহ পাঁচগৰাকী প্ৰাৰ্থীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ আনকি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ‘ভোটাৰক প্ৰভাৱিত কৰিবলৈ’ কেন্দ্ৰীয় শক্তিৰ এয়া ‘স্পষ্ট অপব্যৱহাৰ’ বুলি অভিযোগ তোলে ৷

কংগ্ৰেছ নেতা চৌধুৰীয়ে কয় যে, কেৱল কেন্দ্ৰীয় বাহিনীৰ কৰ্মচাৰীসকলে ভোটগ্ৰহণৰ সময়ত প্ৰতিটো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিব নোৱাৰে ৷ ইয়াৰ দায়িত্ব ৰাজ্যিক আৰক্ষীৰ ওচৰতো আছে । বাওঁ-কংগ্ৰেছ-আইএছএফ মিত্ৰজোঁটে পশ্চিম বংগৰ তৃতীয় শক্তি হিচাপে নিজৰ স্থিতি দৃঢ় কৰি আছে, কিন্তু ইয়াক আলোকপাত কৰা হোৱা নাই । এই দাবী কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে ৷

এইবাৰ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰে আসনৰ লক্ষ্য 200 খন ৷ এইটো আটাইতকৈ আকৰ্ষণীয় দিশ বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : টিডিপি শূন্য হ’ল তেলেংগানাৰ বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.