নিউজ ডেস্ক, 3 জুন: ওড়িশাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ পাচতেই এতিয়া বাছ যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ কিয়নো দুৰ্ঘটনাৰ বাবে এতিয়া বৃহৎ সংখ্যক লোকে ৰে’লৰ পৰিৱৰ্তে যাত্ৰা কৰিবলৈ বাধ্য হৈছে বাছেৰে ৷ ইয়াৰ সুবিধা গ্ৰহণ কৰিয়েই বাছ চালকসকলে বৃদ্ধি কৰিছে ভাড়া (Bus fares skyrocket in Odisha) ৷
বাছ টিকটৰ আকাশলংঘী দাম বৃদ্ধিৰ বাবে বিশেষকৈ সমস্যাত পৰিছে পশ্চিম বংগৰ পৰা পুৰীলৈ যোৱা যাত্ৰীসকল ৷ টিকট কাউণ্টাৰসমূহতো বৃদ্ধি কৰা হৈছে ভাড়া ৷ উপায়বিহীন হৈ এতিয়া অধিক দামতেই বাছেৰে যাত্ৰা কৰিবলৈ বাধ্য হৈছে লোকসকল ৷ উল্লেখ্য় যে পুৰীত দেওবাৰে অনুষ্ঠিত হ’ব ‘জগন্নাথ স্নান যাত্ৰা’ (Jagannath Snan Yatra) ৷ ৰে’ল যাত্ৰা ব্যাহত হৈ পৰাৰ বাবে এতিয়া ভক্তসকলে যাত্ৰা কৰিছে বাছেৰে (Odisha train accident) ৷
সাধাৰণতে ভদ্ৰক, কটক আৰু পুৰীলৈ পশ্চিম বংগৰ পৰা বাছৰ ভাড়া 400, 600 আৰু 800 টকা ৷ কিন্তু শনিবাৰে একেটা যাত্ৰাৰ বাবে যাত্ৰীসকলে ভৰিব লগা হৈছে 1200 ৰ পৰা 1500 টকা ৷ কিছু কিছু বাছৰ কাউণ্টাৰে নিৰ্ধাৰণ কৰিছে 2,000 টকাৰ পৰা 2,500 টকা পৰ্যন্ত ভাড়া ৷ নিয়ন্ত্ৰণবিহীনভাৱে এনেদৰে বাছৰ ভাড়া বৃদ্ধি কৰা কাৰ্যই স্বাভাৱিকতেই সমস্যাত পেলাইছে সাধাৰণ ৰাইজক (Bahanaga train accident) ৷
উল্লেখ্য যে, শুকুৰবাৰে ওড়িশাৰ ক’ৰ’মণ্ডলৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈকে 261 গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ মৃত্যু হোৱা লোকৰ সংখ্যা তিনি শতাধিক হ’ব বুলিও আশংকা কৰা হৈছে ৷ আনহাতে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে প্ৰায় তিনি শতাধিক লোকে ৷ এই ঘটনাই দেশজুৰি পেলাইছে শোকৰ ছাং ৷ শনিবাৰে বিয়লি দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Coromandel express accident) ৷ চিকিৎসাধীন হৈ থকা লোকসকলৰো পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: Balasore train accident : কেনেকৈ হৈছিল ৰে'ল দুৰ্ঘটনাটো ?