নিউজ ডেস্ক, 18 নবেম্বৰ : কাৰ্বি ছাত্ৰ সন্থাই আহ্বান জনোৱা অৰ্থনৈতিক অৱৰোধৰ পিচতেই অসম-নাগালেণ্ড সীমান্তত এক অচলাৱস্থাৰ সৃষ্টি হয় ৷ মঙলবাৰে সংগঠনটোৰ নেতৃত্বত বহুকেইটা সংগঠনে নাগালেণ্ডলৈ যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলতেই এই অৱস্থাৰ সৃষ্টি হয় ৷
লগতে পঢ়ক : মিজোৰামৰ পাচত অসম ভূমিত আগ্ৰাসন মেঘালয়ৰ
কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী দলদলি সংৰক্ষিত বনাঞ্চল এলেকাত নগাৰ বেদখলৰ প্ৰসংগক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত কাৰ্বি আংলং জিলাত উত্তেজনা অব্যাহত আছে ৷ ইয়াকে লৈ অসম-নাগালেণ্ড সীমান্তৰ তিনিটাকৈ স্থানত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ অৱশ্যে যান বাহনৰ চলাচলত এতিয়ালৈকে কোনো বিঘিনি হোৱা নাই বুলি জনাইছে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ৷ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী জিলা দুখনৰ জিলা উপায়ুক্তই এই সন্দৰ্ভত মঙলবাৰে আলোচনাত মিলিত হৈছে আৰু সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা লৈছে ৷
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস
উল্লেখ্য যে, শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সীমাকেন্দ্ৰিক বিবাদে টোপনি কাঢ়িছে কেন্দ্ৰীয় চৰকাৰৰ ৷ মাহযোৰা অসম-মিজোৰাম সীমা সমস্যা, ত্ৰিপুৰা-মিজোৰাম সীমা সমস্যা, অসম-মেঘালয় সীমা সমস্যাৰ পিচত বৰ্তমানে অসম-নাগালেণ্ড সীমা সমস্যাই বাৰুকৈয়ে জোকাৰি গৈছে ৰাজ্যকেইখনক ৷
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত মিজো দুষ্কৃতিৰ আগ্ৰাসন
কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কাৰ্বি মহিলা সন্থাই অভিযোগ কৰা অনুসৰি, নাগালেণ্ড চৰকাৰে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ দলদলি সংৰক্ষিত বনাঞ্চলত নগাক বেদখল কৰিবলৈ মাটিৰ অধিকাৰো প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ৷ 512.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম-নাগালেণ্ড সীমান্তৰ বহুকেইটা স্থানত থকা সীমান্ত খুঁটাৰো বিস্তৰ ক্ষতিসাধণ কৰে নগাই ৷ ইমানতেই ক্ষান্ত নাথাকি চৰকাৰৰ প্ৰত্যক্ষ সহায়ত এইদৰে অসম মাটি বেদখলত নামি পৰিছে নগাসকল ৷
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মোতায়েন কেন্দ্ৰীয় বাহিনী
কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে'ই জানিবলৈ দিয়া অনুসৰি, নগাই বিগত বৰ্ষসমূহত কোনো বাধা নোপোৱাকৈ অসমৰ মাটিত বেদখল চলাই গৈছে, কিন্তু অসম চৰকাৰে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলত নগাই অধিক পৰিমানে পৰিসৰ বৃদ্ধি কৰিবলৈ সাহস পাইছে ৷
লগতে পঢ়ক : সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!
আনহাতে কাৰ্বি আংলঙৰ সংৰক্ষিত মাটি দখল কৰাৰ পিচতেই সদৌ অসম ছাত্ৰ সন্থাই নাগালেণ্ডলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কৰিব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী
অসম আৰু নাগালেণ্ডৰ মাজৰ সীমাকেন্দ্ৰিক বিবাদ বহুবছৰৰ পৰাই চলি আহিছে ৷ 1979ৰ পৰা 2014ৰ ভিতৰত অসম-নাগালেণ্ড সীমা সমস্যাক লৈ বহুটো হিংসাত্মক আৰু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু অসমৰ বেছিসংখ্যক লোকে প্ৰাণ হেৰুৱাইছে যদিও এইক্ষেত্ৰত নিৰ্দিষ্ট সমাধানত ৰাজ্য-চৰকাৰ দুখনৰ লগতে চূড়ান্তৰূপে ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ ৷
লগতে পঢ়ক : নাগালেণ্ডৰ বিৰুদ্ধে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধ জাতীয় দল-সংগঠনৰ