ETV Bharat / bharat

Hansraj College in Delhi: হন্সৰাজ কলেজত এতিয়াৰে পৰা নাথাকিব আমিষ আহাৰ

author img

By

Published : Jan 15, 2023, 5:45 PM IST

এতিয়াৰে পৰা বিখ্যাত হন্সৰাজ কলেজৰ কেন্টিনত নাপাব আমিষ আহাৰ ৷ এই কথা সদৰী কৰিছে হন্সৰাজ মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ৰামাই (Non veg food will not be served in Hansraj College) ৷ অধ্যক্ষ ৰামাই উল্লেখ কৰা অনুসৰি ক’ভিড মহামাৰীৰ প্ৰাৰ্দুৰ্ভাৱৰ পাচতেই মহাবিদ্যালয়খনৰ কেণ্টিন আৰু হোষ্টেলত বন্ধ কৰি দিয়া হৈছিল আমিষ আহাৰ ৷

Hansraj College in Delhi
হন্সৰাজ কলেজত নাপাব আমিষ আহাৰ

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : দিল্লী বিশ্ববিদ্যালয় (DU) ৰ অন্তৰ্গত হন্সৰাজ কলেজত এতিয়াৰে পৰা নাথাকিব আমিষ আহাৰ ৷ কলেজখনৰ কেণ্টিন নাইবা হোষ্টেলটো ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা কৰা নহ’ব আমিষ আহাৰ ৷ সকলোতে এতিয়াৰে পৰা কেৱল নিৰামিষ আহাৰহে প্ৰদান কৰা হ’ব (Non veg food will not be served in Hansraj College) কৰ্তৃপক্ষই ৷

হন্সৰাজ কলেজ কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ পাচতেই এতিয়া ক্ষুব্ধ হৈ পৰিছে মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী (Delhi University news) ৷ কিয়নো দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হন্সৰাজ কলেজৰ বাহিৰে আন মহাবিদ্যায়ত আমিষ আহাৰ খোৱা-বোৱা কৰাত কোনো ধৰণৰ নিষেধাজ্ঞা নাই ।

মন কৰিবলগীয়া কথাটো হ’ল যে, ক’ভিডৰ কালচোৱাত যেতিয়া স্কুল-কলেজ ক্ৰমাৎ বন্ধ হৈ পৰিছিল ৷

লগতে পঢ়ক : Many Food for new son in law : নতুন জোঁৱাইক আদৰিবলৈ ১৭৩ বিধ খাদ্য

তেনে সময়ত সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ ৰাজ্য বা ঘৰলৈ উভতি আহিছিল । অৱশ্যে পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতিৰ উন্নতি হোৱাত পূৰ্বৰ দৰে লাহে লাহে ছাত্ৰ-ছাত্ৰীসকলেও কলেজলৈ পুনৰ আহিবলৈ আৰম্ভ কৰিলে ৷ এই সময়চোৱাতে নিৰামিষ-আমিষ খাদ্যৰ ক্ষেত্ৰত হন্সৰাজ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা যায় ।

এই সন্দৰ্ভত হন্সৰাজ মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ৰামাই কয় যে, মহাবিদ্যালয়খনৰ প্ৰায় 90 শতাংশ ছাত্ৰ-ছাত্ৰী নিৰামিষ ভোজী যদিও পূৰ্বতে আমিষ খাদ্য মহাবিদ্যালয়ৰ হোষ্টেল বা কেন্টিনত যোগান ধৰা হৈছিল ৷ কিন্তু ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি হন্সৰাজ মহাবিদ্যালয়ৰ হোষ্টেল আৰু কেন্টিনত আমিষ খাদ্য বন্ধ কৰি দিয়া হয় ৷

আনকি এইক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰাও কোনো হকা-বাধা লাভ কৰা নাই ৷ আনহে নালাগে, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰাও কোনোধৰণৰ অভিযোগ পোৱা নাই বুলি উল্লেখ কৰে হন্সৰাজ মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ৰামাই ৷ লগতে তেওঁ হন্সৰাজ কলেজত আমিষ আহাৰ বন্ধ হোৱা প্ৰসংগত ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰাও কোনোধৰণৰ অভিযোগ অনা নাই বুলি উল্লেখ কৰে হন্সৰাজ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক : CM visited assam state zoo: মাঘ বিহুৰ দিনটোতেই নিজে বাহন চলাই চিৰিয়াখানাত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.