ETV Bharat / bharat

Kerala Gold Smuggling : মহাৰাষ্ট্ৰত NIAৰ অভিযান - Kerala Gold Smuggling

কেৰালাৰ অবৈধ সোণৰ সৰবৰাহ ঘটনাৰ তদন্তৰ বাবে মহাৰাষ্ট্ৰৰ কেইবাটাও স্থানত চলিল নিয়া (NIA)ৰ অভিযান । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়া(NIA)ই শনিবাৰে মহাৰাষ্ট্ৰৰ চাংগিল জিলাৰ কেইবাটাও স্থানত চলাই অভিযান ।

Kerala gold smuggling case
মহাৰাষ্ট্ৰৰ কেইবাটাও স্থানত NIAৰ অভিযান
author img

By

Published : Jun 13, 2021, 8:14 PM IST

নেশ্যনেল ডেস্ক,১৩ জুন : কেৰালাৰ অবৈধ সোণৰ সৰবৰাহ ঘটনাৰ (Kerala gold smuggling case)তদন্ত অব্যাহত ৰাখিছে নিয়া(NIA)ই । এইবাৰ ঘটনাৰ তদন্তৰ বাবে মহাৰাষ্ট্ৰৰ কেইবাটাও স্থানত চলিল নিয়া(NIA)ৰ অভিযান । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ই শনিবাৰে মহাৰাষ্ট্ৰৰ চাংগিল জিলাৰ কেইবাটাও স্থানত চলাই অভিযান ।

সূত্ৰৰ মতে সংস্থাটোৱে খানাপুৰ, কাৱথেমাহানকাল, আতপাদি আৰু তাচগাঁও অঞ্চলত অভিযান চলাইছিল । ঘটনাৰ মূল অভিযুক্ত মহম্মদ মনচুৰৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এই তদন্ত চলাইছিল । মনচুৰে সংস্থাটোক দিয়া ভাষ্য অনুসৰি তেওঁ ১০০ কিলোগ্ৰাম সোণ চাংগিল জিলালৈ প্ৰেৰণ কৰিছিল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে কেৰালা সোণ সৰবৰাহ ঘটনাৰ অন্যতম অভিযুক্ত মনসুৰক গ্ৰেপ্তাৰ কৰিছিল । ডুবাইৰ পৰা আহি কালিকত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল । কেৰালাৰ সোণ সৰবৰাহৰ ঘটনা সন্দৰ্ভত নিয়াই ২০২০ চনৰ ১০ জুলাইত এক গোচৰ ৰুজু কৰিছিল । লগতে এই বছৰৰ জানুৱাৰী মাহত ২০ গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল ।

এনাৰ্কুলামৰ এন আই এৰ বিশেষ আদালতে মনসুৰৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু কৰিছিল । তেওঁক কোচিৰ এক বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে ৫ দিনৰ বাবে সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:দিল্লীত আনলক : সমাপ্ত হ’ব যুগ্ম-অযুগ্ম পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.