ETV Bharat / bharat

ভৱিষ্যতে মহাকাশত নেতৃত্ব দিয়াৰ ক্ষমতা আছে উত্তৰ-পূৱৰ : ইছৰ’ৰ প্ৰাক্তন বিজ্ঞানী - ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন বিজ্ঞানী জয়ন্ত পি যোশী

মহাকাশ খণ্ডৰ কাম-কাজত উত্তৰ-পূৰ্বাঞ্চলৰ অংশগ্ৰহণক লৈ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন বিজ্ঞানী জয়ন্ত পি যোশীয়ে (NE region contribution to Space sector) । আগৰতলাত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ইছৰ’ৰ প্ৰাক্তন বিজ্ঞানী গৰাকীয়ে ৷

Jayant P Joshi express hope for North East
মহাকাশ খণ্ডৰ কাম কাজত উত্তৰ পূৰ্বাঞ্চলৰ অংশগ্ৰহণক লৈ সম্ভাৱনা ব্যক্ত কৰিছে জয়ন্ত পি যোশীয়ে
author img

By

Published : Dec 23, 2021, 1:09 PM IST

আগৰতলা, ২৩ ডিচেম্বৰ : শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাজনো বিজ্ঞানীয়ে । এই সন্দৰ্ভত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন বিজ্ঞানী জয়ন্ত পি যোশীয়ে কয় যে, অনাগত দিনত মহাকাশ খণ্ডক উত্তৰ-পূৱে নেতৃত্ব দিব পাৰিব (According to Joshi NE can lead space sector) ।

তেওঁ কয় যে, মহাকাশ সম্পৰ্কীয় কাৰ্যকলাপ কোনো নিৰ্দিষ্ট ৰাজ্য অথবা কোনো অঞ্চলৰ মাজত সীমাবদ্ধ হৈ নাথাকে । বিশেষকৈ উত্তৰ-পূৱত মহাকাশ সম্পৰ্কীয় কাম-কাজৰ যথেষ্ট সম্ভাৱনা থকাটো তেওঁ প্ৰত্যক্ষ কৰিছে বুলি জানিবলৈ দিয়ে (Jayant P Joshi on Space activity in NE region) ।

Jayant P Joshi express hope for North East
মহাকাশ খণ্ডৰ কাম কাজত উত্তৰ পূৰ্বাঞ্চলৰ অংশগ্ৰহণক লৈ সম্ভাৱনা ব্যক্ত কৰিছে জয়ন্ত পি যোশীয়ে

ত্ৰিপুৰাৰ আগৰতলাত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন বিজ্ঞানী জয়ন্ত পি যোশীয়ে(Former scientist of ISRO Jayant P Joshi) । তেওঁ কয় যে, বিশেষকৈ উত্তৰ-পূৱৰ শিক্ষাৰ্থীসকলৰ সৈতে এই বিষয়ত কৰা বাৰ্তালাপৰ সময়ত তেওঁলোকে মহাকাশ উদ্যোগৰ বিষয়ে উত্থাপন কৰা প্ৰশ্নবোৰৰ পৰা তেওঁ অনুমান কৰিব পাৰিছে যে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত অতি উজ্জ্বল ।

তেওঁ লগতে কয় যে, আন্তঃগাঁথনিও উপলব্ধ হৈ আছে ৷ কিয়নো উত্তৰ-পূৰ্বাঞ্চলত পৰ্যাপ্ত সম্পদ আছে । চৰকাৰে আগবাঢ়ি আহি সেই সম্পদবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে । এনে কৰিলে নিশ্চিতভাৱে অনাগত দিনবোৰত উত্তৰ-পূৰ্বাঞ্চলে মহাকাশ খণ্ডক নেতৃত্ব দিবলৈ সক্ষম হ'ব ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইতিমধ্যে ব্যক্তিগত খণ্ডৰ উদ্যোগৰ বাবেও দুৱাৰ মুকলি কৰি দিছে ৷ ব্যক্তিগত উদ্যোগে সৰু উৎক্ষেপণ বাহন, সৰু ৰকেট আদি নিৰ্মাণ কৰি আছে । আনকি উপগ্ৰহও নিৰ্মাণ কৰিছে । মহাকাশ বিজ্ঞান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালে জয়ন্ত পি যোশীয়ে ।

লগতে পঢ়ক: Perovskite Solar Cell : গুৱাহাটী আই আই টিৰ গৱেষকৰ নতুন উদ্ভাৱন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.