ETV Bharat / bharat

Kuki People's Alliance: এন বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ এন ডি এৰ অংশীদাৰ কুকি পিপলছ এলায়েন্সৰ

author img

By

Published : Aug 6, 2023, 9:21 PM IST

এন বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ এন ডি এৰ অংশীদাৰ দল কুকি পিপলছ এলায়েন্সেৰ ৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ সিদ্ধান্তৰ বিষয়ে ৰাজ্যপাল অনুসূয়া উইকীলৈ লিখা এখন পত্ৰত অৱগত কৰে কুকি পিপলছ এলায়েন্সৰ সভাপতি টংমাং হাওকিপে ৷

Kuki Peoples Alliance withdraws support
বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কেপিএৰ

নিউজ ডেস্ক, 6 আগষ্ট : হিংসাজৰ্জৰ মণিপুৰত আন এক ৰাজনৈতিক অঘটন ৷ এন বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ এন ডি এৰ অংশীদাৰ দল কুকি পিপলছ এলায়েন্সেৰ ৷

বিগত তিনি মাহৰ পৰা চলি থকা হিংসাৰ দাবাগ্নিত 160 জনৰো অধিক লোকে প্ৰাণ হেৰুওৱা মণিপুৰত, বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ সিদ্ধান্তৰ বিষয়ে ৰাজ্যপাল অনুসূয়া উইকীলৈ লিখা এখন পত্ৰত অৱগত কৰে কুকি পিপলছ এলায়েন্সেৰ সভাপতি টংমাং হাওকিপে ৷

দলটোৰ সভাপতিগৰাকীয়ে পত্ৰত কয়, ‘‘বৰ্তমানৰ সংঘাতৰ বিষয়ে সতৰ্কতাৰে বিবেচনা কৰাৰ পিচত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত মণিপুৰৰ বৰ্তমানৰ চৰকাৰৰ প্ৰতি অব্যাহত থকা সমৰ্থন এতিয়া আৰু শুদ্ধ নহয় ৷ সেই অনুসৰি, মণিপুৰ চৰকাৰৰ প্ৰতি কেপিএৰ সমৰ্থন পত্ৰৰ দ্বাৰা প্ৰত্যাহাৰ কৰা হৈছে আৰু এই সমৰ্থন বাতিল কৰা হৈছে বুলি গণ্য কৰিব পাৰি ৷’’

মণিপুৰৰ 60 জনীয়া সদনত, কেপিএৰ দুজন বিধায়ক আছে- চাইকুলৰ পৰা কিমনিও হাওকিপ হেংছিং আৰু সিংঘাটৰ পৰা চিনলুনথাং ৷ মণিপুৰ বিধানসভাত বিজেপিৰ 32 জন সদস্য আছে, আনহাতে ইয়াত পাঁচজন এনপিএফ বিধায়ক আৰু তিনিজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন আছে ৷ বিৰোধী বিধায়কসকলৰ ভিতৰত আছে এনপিপিৰ সাতজন, কংগ্ৰেছৰ পাঁচজন আৰু জেডি(ইউ)ৰ ছয়জন ৷

উল্লেখযোগ্য যে, বিগত তিনি মাহে হিংসাত জ্বলি আছে মণিপুৰ ৷ বৰ্তমানেও শাম কটা নাই মণিপুৰৰ হিংসাত্মক পৰিৱেশৰ ৷ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ ৷ ফলত শাসনাধীষ্ঠ চৰকাৰৰ প্ৰতি ক্ষোভিত হৈ পৰিছে মণিপুৰ তথা দেশৰ বিভিন্ন দল-সংগঠন, সাধাৰণ জনতা ৷

শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি অৱশেষত এনেদৰে এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰিলে এন ডি এৰ অংশীদাৰ দল কুকি পিপলছ এলায়েন্সে ৷

ইফালে ইম্ফলৰ পশ্চিম জিলাত শনিবাৰে পুনৰ সংঘটিত হয় হিংসাত্মক পৰিস্থিতিৰ ৷ পোন্ধৰটা ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত পুনৰ সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ ৷ সন্ধিয়া লেংগল গেমছ গাঁৱত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি স্থানীয় সূত্ৰত প্ৰকাশ পাইছে ।

লগতে পঢ়ক : Manipur violence: মণিপুৰত উত্তেজনা অব্যাহত, পুনৰ জ্বলিল 15 টা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.