ETV Bharat / bharat

অক্সিজেনৰ অভাৱত ৬ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু

author img

By

Published : Apr 14, 2021, 12:57 PM IST

বিগত দুটা দিনত ভূপালৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হৈছে ৬ জন ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ । অক্সিজেনৰ অভাৱতে ৰোগীকেইজনে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ভূপালত অক্সিজেনৰ অভাৱত ৬ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: মধ্য প্ৰদেশৰ ভূপালত অক্সিজেনৰ অভাৱত কৰ'ণা আক্ৰান্তই প্ৰাণ হেৰুওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । যোৱা দুদিনত ভূপালৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হৈছে ৬ জন ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ । এই ৰোগীকেইজনে অক্সিজেনৰ অভাৱত মৃত্যুক সাৱতিব লগীয়া হ'ল বুলি অভিযোগ উত্থাপিত হৈছে ।

ব্যক্তিগত চিকিৎসালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে কয় যে, চিকিৎসালয়বোৰত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ ঘটিছে । যোৱা দুটা দিনত তেওঁ কৰ্মৰত হৈ থকা চিকিৎসালয়খনত অক্সিজেন যোগানৰ অভাৱত কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ।

প্ৰতিদিনে উক্ত চিকিৎসালয়খনত ৯০টা চিলিণ্ডাৰৰ প্ৰয়োজন হয়, কিন্তু চিকিৎসালয়খনত মাত্ৰ ৩০টা চিলিণ্ডাৰহে আছে । তেওঁ লগতে কয় যে, যোৱা সাত দিনত অক্সিজেন যোগান ধৰা কোনো ব্যৱসায়ী চিকিৎসালয়লৈ অহা নাই । পূৰ্বে ব্যৱসায়ীয়ে নিজৰ বাহনেৰে অক্সিজেন চিলিণ্ডাৰ আনিছিল । কিন্তু যোৱা ১০ দিনত চিলিণ্ডাৰ আনিবলৈ তিনিখন এম্বুলেন্স আৱণ্টন কৰা হৈছিল ।

চিকিৎসালয়খনত কাম কৰা এজন চিকিৎসকেও এই কথাত সন্মতি প্ৰকাশ কৰি কয় যে, অক্সিজেন যোগানৰ যথেষ্ট অভাৱ আছে । চৰকাৰক অক্সিজেনৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈও তেওঁ আহ্বান জনাইছিল । যোৱা ৮ এপ্ৰিলত শিৱৰাজ সিং চৌহানে দাবী কৰিছিল যে, ৰাজ্যখনত কৰ'ণা আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে অক্সিজেন যোগানৰ অভাৱ হোৱা নাই । লগতে বেজীৰ অভাৱ পূৰণ কৰাৰো চেষ্টা অব্যাহত আছে বুলি তেওঁ মন্তব্য কৰে ।

অক্সিজেনৰ অভাৱত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়ত তেওঁ এই মন্তব্য কৰে । তেওঁ কয় যে, তেওঁ গুজৰাট চৰকাৰ আৰু কেন্দ্ৰৰ সৈতে আলোচনা কৰিছে । মধ্য প্ৰদেশে ভিলাইৰ পৰা অতিৰিক্ত অক্সিজেন লাভ কৰি আছে বুলিও তেওঁ জানিবলৈ দিছিল । কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতেও তেওঁ বাৰ্তালাপ কৰাৰ কথা প্ৰকাশ কৰে ।

লগতে পঢ়ক:অ’এনজিচিৰ অসম সম্পদ নিজৰ হাতলৈ অনাৰ দিশে অইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.