ETV Bharat / bharat

বিজেপি বিধায়ক ৰাজা সিঙক আকৌ গ্ৰেপ্তাৰ

author img

By

Published : Aug 25, 2022, 7:43 PM IST

বিজেপি বিধায়ক ৰাজা সিঙক পুনৰ গ্ৰেপ্তাৰ (BJP MLA Raja Singh arrested) ৷ আজি দুপৰীয়াৰ আৰক্ষী তেওঁৰ ঘৰলৈ যায় আৰু বিধায়ক ৰাজা সিঙক গ্ৰেপ্তাৰৰ লগতে 41 A CRPCৰ অধীনত জাননী জাৰি কৰে ।

বিজেপি বিধায়ক ৰাজা সিঙক আকৌ গ্ৰেপ্তাৰ
বিজেপি বিধায়ক ৰাজা সিঙক আকৌ গ্ৰেপ্তাৰ

নিউজ ডেস্ক, 25 আগষ্ট: পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তেলেংগানাৰ বিজেপি বিধায়ক ৰাজা সিঙক (BJP MLA Raja Singh arrested)। আজি দুপৰীয়া আৰক্ষী তেওঁৰ ঘৰলৈ যায় আৰু বিধায়ক ৰাজা সিঙক গ্ৰেপ্তাৰৰ লগতে 41 A CRPCৰ অধীনত জাননী জাৰি কৰে । ইতিমধ্যে আৰক্ষীয়ে তেওঁক জিম্মাত লৈছে । ৰাজা সিঙে কয় যে এটা পুৰণি গোচৰত ফৈদ ভিত্তিত তেওঁক জাননী জাৰি কৰা হৈছিল (Case against Raja Singh)। বিজেপিৰ বিধায়ক ৰাজা সিঙক জাননী দিছে সহিনাতগঞ্জ আৰু মঙলহাট আৰক্ষীয়ে ।

বিধায়ক ৰাজা সিঙক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ ঘৰত উত্তেজনাৰ সৃষ্টি হয় । যাৰ ফলত বিধায়কজনৰ ঘৰত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয় । ৰাজা সিঙৰ ঘৰলৈ যোৱাৰ পথত আৰক্ষীয়ে বেৰিকেড লগাই দিয়ে ।

উল্লেখ্য যে, কেইদিনমান আগতে ৰাজা সিঙক হজৰত মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Raja Singh controversial remarks)৷

হজৰত মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পাচতে পুৰণি হায়দৰাবাদ চহৰৰ চাৰমিনাৰ, মদিনা, চন্দ্ৰযানগুট, বৰকাছ, চিটি কলেজ আদি এলেকাত যুৱক-যুৱতীসকলে সন্ধিয়াৰ পৰা মাজনিশালৈকে ৰাস্তাত ক’লা পতাকা লৈ সমদল কৰে (Protest in Hyderabad) ৷ মদিনা, আফজলগঞ্জ, আৰু চাৰমিনাৰ আদি অঞ্চলত প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় ৷

বিভিন্ন ট্ৰেফিক আস্থানত সৰু সৰু গোটত সমবেত হৈ প্ৰতিবাদকাৰীসকলে বাহনেৰে পথ অৱৰোধ কৰাৰ লগতে ৰাজা সিং বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে(anti Raja Singh slogans) । পৰিস্থিতি অধিক হিংসাত্মক হৈ পৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিবলগীয়া হৈছিল অতিৰিক্ত নিৰাপত্তা বাহিনী ৷

প্ৰতিবাদকাৰীসকলে ধাৰাবাহিকভাৱে কৰা আন্দোলনৰ অন্তত আৰক্ষীয়ে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় (Police arrested BJP MLA)৷ আৰক্ষীয়ে বিধায়কগৰাকীক নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনায় ৷ অৱশ্যে পৰৱৰ্তী সময়ত নামপল্লীৰ ১৪ নং অতিৰিক্ত মহানগৰ দণ্ডাধীশ আদালতে নিলম্বিত বিজেপি বিধায়ক ৰাজা সিঙৰ ৰিমাণ্ড আবেদন ঘূৰাই দিয়ে আৰু তেওঁক তৎকালীনভাৱে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে । তাৰ পিছতে তেওঁক পুনৰ আজি গ্ৰেপ্তাৰ কৰা হয় ৷

লগতে পঢ়ক: বিধায়কৰ আপত্তিজনক মন্তব্যৰ পিছত হায়দৰাবাদত অব্যাহত চেপা উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.