ETV Bharat / bharat

PM announces ex-gratia: মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ - আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

মিজোৰামৰ হানথিয়ালত শিলৰ কুঁৱেৰী খহি 12জনকৈ শ্ৰমিক জীৱন্তে পোত যোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi announces ex-gratia) ৷ এই ঘটনাত নিহত আৰু আহত লোকৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ ৷

Mizoram stone quarry collapse
মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
author img

By

Published : Nov 16, 2022, 12:39 PM IST

নিউজ ডেস্ক, 16 নৱেম্বৰ: মিজোৰামৰ হানথিয়ালত শিলৰ কুঁৱেৰী খহি ১২জনকৈ শ্ৰমিক জীৱন্তে পোত যোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Modi announces ex gratia) ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ ফলত নিহত লোকৰ নিকটাত্মীয়ক সমবেদনা জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা(Prime Minister's National Relief Fund) তেওঁলোকলৈ ২ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ একেদৰে আহত লোকসকলক আশু আৰোগ্য কামনা কৰি তেওঁলোকলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহতসকলক ৫০,০০০ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ ঘোষণা কৰে ৷

  • My thoughts are with those who lost their loved ones due to the tragic stone quarry collapse in Mizoram. An ex-gratia of Rs. 2 lakh would be given from PMNRF to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi

    — PMO India (@PMOIndia) November 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, সোমবাৰে বিয়লি মিজোৰাম ৰাজধানী আইজলৰ পৰা ১৬০ কিলোমিটাৰ দূৰৈৰ হানথিয়াল জিলাৰ মৌদাৰহত বিয়লি প্ৰায় ২.৪৫ মিনিটত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ পাহাৰৰ ওপৰত থকা শিলৰ কুঁৱেৰীটো ​​খহি পৰাৰ পিছত দেশজুৰি চৰ্চা লাভ কৰিছে এই দুৰ্ঘটনাই(Mizoram stone quarry collapsed incident) ৷ এই ঘটনাত হতাহত হোৱা ১২ জন শ্ৰমিকৰ ৮ জন শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ।

আনহাতে কুঁৱেৰীৰ ভিতৰত আৱদ্ধ হৈ থকা আন ৪জন শ্ৰমিকক উদ্ধাৰৰ বাবে NDRFয়ে উদ্ধাৰ অভিযান অব্যাহত আছে । এই ঘটনাত অসমৰো তিনিজন শ্ৰমিক হতাহত হোৱাৰ কথা জানিব পৰা হৈছে ৷ ইয়াৰে এজন শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷ মৃত শ্ৰমিকজন কাছাৰৰ কাটিগড়াৰ সুৰজিৎ ৰয়(২৬) বুলি চিনাক্ত কৰা হৈছে(Assamese labour dead in Mizoram ) ৷

আনহাতে আন দুজন শ্ৰমিকৰ সন্ধান বৰ্তমানলৈ লাভ কৰিব পৰা হোৱা নাই ৷ সন্ধানহীন শ্ৰমিক দুজন ক্ৰমে গোৱালপাৰাৰ জলেশ্বৰৰ টাকামাৰীৰ ছফিকুল ইছলাম (২৬)আৰু বৰপেটাৰ বাঘবৰ জাহিদুৰ ইছলাম (২৭) (Assamese labour Injured in Mizoram) ৷ হানথিয়াল জিলা প্ৰশাসনে উদ্ধাৰ হোৱা মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত মৃত শ্ৰমিকসকলে কাম কৰা ABCI কোম্পানীৰ জড়িয়তে মৃতদেহ নিজৰ বাসগৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Stone Quarry Collapsed in Mizoram : মিজোৰামত শিল খহি অসমৰ এজন শ্ৰমিকৰ মৃত্যু নিশ্চিত, দুজন সন্ধানহীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.