ETV Bharat / bharat

ব্ৰিটেইনৰ পৰা অহা যাত্ৰীৰ প্ৰৱেশত বাধা মেঘালয়ৰ

author img

By

Published : Dec 24, 2020, 3:45 PM IST

মেঘালয়ৰ মুখ্য সচিব এমএছ ৰাৱে এই কথা প্ৰকাশ কৰিছে ৷ সেই অনুসৰি, কোভিড-19ৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবে গ্ৰেট ব্ৰিটেইনৰ পৰা ৰাজ্যখনলৈ অহা যাত্ৰীৰ প্ৰৱেশত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছে ৷

ব্ৰিটেইনৰ পৰা অহা যাত্ৰীৰ প্ৰৱেশত বাধা মেঘালয়ৰ
ব্ৰিটেইনৰ পৰা অহা যাত্ৰীৰ প্ৰৱেশত বাধা মেঘালয়ৰ

নিউজ ডেস্ক, 24 ডিচেম্বৰ : গ্ৰেট ব্ৰিটেইনত আৰম্ভ হোৱা কোভিড-19ৰ নতুন প্ৰকাৰক লৈ মেঘালয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত ৷ সেই অনুসৰি ইউৰোপীয় দেশৰ পৰা আহিবলগীয়া সকলো যাত্ৰীৰ ক্ষেত্ৰত ৰাজ্যখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ ব্ৰিটেইনকে ধৰি অন্যান্য দেশৰ পৰা আহিবলগীয়া যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা সম্বন্ধীয় সবিশেষ মেঘালয় চৰকাৰক প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাজ্যখনে ৷

মেঘালয়ৰ মুখ্য সচিব এমএছ ৰাৱে এই কথা প্ৰকাশ কৰি এক নিৰ্দেশনা জাৰী কৰিছে ৷ সেই অনুসৰি, ব্ৰিটেইনত পোহৰলৈ অহা কোভিড-19ৰ নতুন প্ৰকাৰৰ পৰা ৰাজ্যখনক সুৰক্ষিত ৰাখিবলৈ পৰ্যটক তথা যাত্ৰীসকলক ৰাজ্যখনত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ৷ 25 নৱেম্বৰৰ পৰা 23 ডিচেম্বৰৰ ভিতৰত গ্ৰেট ব্ৰিটেইন হৈ অথবা দেশখনৰ পৰা ৰাজ্যখনলৈ অহা যাত্ৰীসকলক বিগত 14 দিনত তেওঁলোকৰ সবিশেষ প্ৰদান কৰিবলৈ আহ্বান কৰিছে মুখ্য সচিবে ৷

ইয়াৰ উপৰিও তেওঁ ৰাইজক কোভিড সম্পৰ্কীয় সকলো সুৰক্ষা তথা সাৱধানতা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ মাস্ক আৰু সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে ৷ ব্ৰিটেইনৰ পৰা শেহতীয়াকৈ ৰাজ্যখনলৈ পাঁচগৰাকী যাত্ৰী আহিছে আৰু তেওঁলোকৰ সৈতে স্বাস্থ্য বিভাগে সম্পৰ্ক স্থাপন কৰিছে ৷ মেঘালয়ত এতিয়ালৈকে 13,298 গৰাকী লোক কোভিড সংক্ৰমিত হৈছে আৰু 135 গৰাকী লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাতঃ ৰাজ্যত মৃত্যু 113 টা হাতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.