নেচনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : সুস্বাদু খাদ্যৰ সন্ধানত আপুনি নিশ্চয় ৰেষ্টুৰেণ্টলৈ যায় । পিছে মহীশূৰৰ সিদ্ধাৰ্থ হোটেললৈ কেৱল খাদ্যৰ বাবে নহয় ' ৰ'ব' সুন্দৰী 'ক লগ কৰিবলৈ লাগিছে মানুহৰ ভীৰ ৷ পিছে কোন এই ' ৰ'ব' সুন্দৰী '? নামটো শুনি আপুনি ভুল কৰাৰ আগেয়ে কৈছো যে , এওঁ হৈছে এগৰাকী ৰবট ৱেইটাৰ যি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে (Robo Sundari Mysore's first robot waiter) । গ্ৰাহকসকলক স্বাগতম জনোৱাৰ পৰা তেওঁলোকক খাদ্য আৰু পানী পৰিৱেশন কৰালৈকে, 'ৰ'ব' সুন্দৰীয়ে' এই সকলোবোৰ কাম কৰে ।
মহীশূৰৰ পৰম্পৰাগত ৰেচম শাৰী, বিন্দি, নেকলেছ আৰু চুড়ি পিন্ধা হিউমেনইড ৰ’বট ' ৰ'ব' সুন্দৰী'ক নতুন দিল্লীৰ এখন ফাৰ্মৰ পৰা 2.5 লাখ টকাত ক্ৰয় কৰা হৈছিল । বেটাৰী চালিত ' ৰ'ব' সুন্দৰীয়ে এবাৰ চাৰ্জ কৰাৰ পিছত আঠ ঘণ্টালৈকে কাম কৰিব পাৰে । পূৰ্বে প্ৰ’গ্ৰাম কৰা ৰবটটোৱে ভইচ কামাণ্ডৰ জৰিয়তে নিৰ্দেশনা লয় আৰু 10 কিলোগ্ৰাম ওজনৰ বোজা সহজে কঢ়িয়াব পাৰে ।
উল্লেখযোগ্য যে, কৰ্ণাটকৰ শিৱমোগাৰৰ উপহাৰা দৰ্শিনী নামৰ এখন ৰেষ্টুৰেণ্টে পোন-প্ৰথমে এটা হিউমেনইড ৱেইটাৰৰ ব্যৱহাৰ কৰা হৈছিল কৰাইছিল (first humanoid waiter from Karnataka)।
লগতে পঢ়ক : FIR against Himanta Biswa Sarma:অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ ৰুজু