নেশ্যনেল ডেস্ক, ১৭ জুন: বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ(Maharastra)ৰ পালঘৰ জিলাৰ দহানুত ভয়ংকৰ বিস্ফোৰণ(Explosion) সংঘটিত হয় । এটা আতচবাজীৰ কাৰখানাত এই বিস্ফোৰণ সংঘটিত হয় । বিস্ফোৰণৰ ফলত ৫ জন লোক গুৰুতৰভাৱে আহত হয় ।
আহত লোককেইজন হৈছে নৱনীট লোটে, মহেশ ম'ৰে, আছিফ খান, প্ৰেমচন্দ চাৱন আৰু সুখদেৱ সিং । আহত লোককেইজনক ততাতৈয়াকৈ দহানু হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও এজন লোকক উন্নত চিকিৎসাৰ বাবে গুজৰাটলৈ প্ৰেৰণ কৰা হয় ।
পালঘৰৰ উপায়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা মতে, ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা চলাই আছে ।
লগতে পঢ়ক:দিল্লী হিংসা:কাৰাবন্দী তিনি অভিযুক্ত শিক্ষাৰ্থীক মুক্তিৰ নিৰ্দেশ আদালতৰ