নিউজ ডেস্ক, ২১ আগষ্ট: মাৰ্গদৰ্শী চিটফাণ্ডে সোমবাৰে কৰ্ণাটকত ইয়াৰ ২২ সংখ্যক আৰু দেশৰ ১০৯ নং শাখা মুকলি কৰে ৷ মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক চাইলাজা কিৰণে কৰ্ণাটকৰ কোলাৰ জিলাত এই শাখাটো মুকলি কৰে ৷ মাৰ্গদৰ্শী চিটছৰ সঞ্চালক পি লক্ষ্মনা ৰাৱে কোলাৰ জিলাৰ সকলো জনসাধাৰণক মাৰ্গদৰ্শী চিটছৰ পৰা চিটৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ কোলাৰ শাখাই বৰ্তমানলৈ ১৯ কোটি টকাৰ ব্যৱসায় কৰাৰ কথা ব্যক্ত কৰি চলিত মাহৰ শেষলৈকে ২৬ কোটি টকাৰ ওপৰত ব্যৱসায় কৰাৰ আশা ব্যক্ত কৰে । কোলাৰ শাখাই চিট গ্ৰুপৰ মূল্য ১ লাখ টকাৰ পৰা ৩০ লাখ টকালৈ চাবস্ক্ৰিপচনেৰে মুকলি কৰিছে ।

তিনিমাহৰ ভিতৰত লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাৱে শাখা পৰিচালক হৰিপ্ৰসাদ আৰু তেওঁৰ কৰ্মচাৰীসকলক অভিনন্দন জনায় । অনাগত দিনত কোলাৰ শাখাই আৰু বহুতো নতুন চিট-গ্ৰুপ আৰম্ভ কৰিব বুলি জনাই তেওঁ সন্তোষ ব্যক্ত কৰে । তেওঁ লগতে কোলাৰ জিলাত জনসাধাৰণৰ সহযোগিতা মূল্যৱান বুলি উল্লেখ কৰি মাৰ্গদৰ্শী চিটছে সদায় নিজৰ সেৱা আগবঢ়াবলৈ সাজু হৈ আছে বুলি জানিবলৈ দিয়ে ।
ইফালে মাৰ্গদৰ্শী চিটছৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি গ্ৰাহকৰ অন্যতম মল্লেশে কয়, "মই মোৰ ধন মাৰ্গদৰ্শীত বিনিয়োগ কৰিছো আৰু ভাল লভ্যাংশ পাইছো । মাৰ্গদৰ্শী ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ।" আন এজন গ্ৰাহকে কয়, "আমাৰ আশা আছে যে আমি ধন পাম আৰু আমাৰ বিনিয়োগে আমাক কোনো সমস্যা নোহোৱাকৈ কঠিন সময় পাৰ কৰাত সহায় কৰিব । মাৰ্গদৰ্শীত আমাৰ ধন সুৰক্ষিত আছে ।"
সঞ্চালক ৰাৱে লগতে ঘোষণা কৰে যে কোম্পানীটোৱে ২০২৩ চনৰ অক্টোবৰ মাহত কৰ্ণাটকৰ হাবেৰী চহৰত এটা নতুন শাখা মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৷ যাৰবাবে কৰ্ণাটক চৰকাৰৰ পৰা প্ৰয়োজনীয় সকলো বিধিগত অনুমতি লাভ কৰা হৈছে । তেওঁ কয় যে এই বিত্তীয় বৰ্ষত বেংগালুৰুত আৰু দুটা নতুন শাখাৰ কাম চলি আছে । কৰ্ণাটকত ৫০টা শাখা মুকলি কৰাৰ বাবে আমাৰ হাতত যথেষ্ট উৎস আছে আৰু ইয়াৰ অংশ হিচাপে আমি সেই অনুসৰি কৰ্ণাটকত নতুন শাখা মুকলি কৰাৰ বাবে আগবাঢ়িছো ।