ETV Bharat / bharat

Manipur situation: শাম কাটিছে অগ্নিগৰ্ভা পৰিস্থিতিৰ; 5 জুলাইৰ পৰা খুলিব বিদ্যালয়

5 জুলাইৰ পৰা খোল খাব মণিপুৰৰ বিদ্যালয়বোৰ ৷ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে সদৰী কৰিছে এই কথা ৷

author img

By

Published : Jul 4, 2023, 10:31 AM IST

Manipur Update
5 জুলাইৰ পৰা খোল খাব মণিপুৰৰ বিদ্যালয়

নেশ্যনেল ডেস্ক, 4 জুলাই : কিছু শাম কাটিছে মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিয় ৷ 5 জুলাইৰ পৰা খোল খাব মণিপুৰৰ বিদ্যালয় ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে জানিবলৈ দিয়ে এই কথা ৷ মে’ মাহৰ প্ৰথম সপ্তাহত জনগোষ্ঠীয় সংঘৰ্ষ আৰম্ভ হোৱাৰ পৰা বন্ধ হৈ আছিল শিক্ষানুষ্ঠানবোৰ ৷ 5 জুলাইৰ পৰা প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয় আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

জনগোষ্ঠীয় সংঘাতপূৰ্ণ ৰাজ্যখনৰ পাহাৰ আৰু উপত্যকা জিলাসমূহৰ কাষত স্থাপন কৰা বাংকাৰসমূহ আঁতৰোৱা হ’ব আৰু আনহাতে মেইটেই আৰু কুকি উভয় কৃষকক নিৰাপত্তা প্ৰদানৰ বাবে অতিৰিক্ত ৰাজ্যিক বাহিনী সংগঠিত কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ, যাতে কৃষি কাৰ্যকলাপ আৰম্ভ হ’ব পাৰে । যোৱা 3 মে’ৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিচৰে পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে । উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি অনাৰ বাবে ৰাজ্যখনত নিয়োগ কৰা হৈছে সেনা আৰু অন্যান্য কেন্দ্ৰীয় বাহিনী ৷

উল্লেখ্য যে, দুমাহ ধৰি ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে আৰু 100 ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে সংঘৰ্ষৰ ফলত বহুলোক আহত হৈছে ৷ ইয়াৰোপৰি বহু সংখ্যক ঘৰ আৰু উপাসনাস্থলী হিংসাত্মক কাৰ্যকলাপৰ ফলত ধবংসস্তুপত পৰিণত হোৱা পৰিলক্ষিত হৈছিল ।

‘‘আমি এক হিচাপে জীয়াই আছো আৰু জীয়াই থাকিম; কেৱল প্ৰশাসনিক সুবিধাৰ বাবেই জিলা সৃষ্টি কৰা হৈছিল,‘‘ এনেদৰে কয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । কৃষি কৰ্মীসকলে কৃষিকৰ্ম আৰম্ভ কৰাটো প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰী বিষয়া, মন্ত্ৰী আৰু বিধায়কৰ সৈতে জড়িত ৰাজ্যৰ আৰক্ষী বাহিনীৰ 2000 জোৱানক সংগঠিত কৰা হৈছে ।

তেওঁলোকে এতিয়া কৃষকক নিৰাপত্তা প্ৰদান কৰাৰ লগতে গোটবোৰৰ সংঘাতৰ সৈতেও মোকাবিলা কৰিব বুলিও সিঙে কয় । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে যুটীয়া নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে । যুটীয়া নিৰাপত্তা বৈঠকযোগে পাহাৰ আৰু উপত্যকা জিলাৰ কাষত স্থাপন কৰা বাংকাৰসমূহ 8 জুলাইৰ পৰা আঁতৰাই পেলোৱা হ’ব আৰু ব্যক্তিগত আৰু গোটৰ বাংকাৰসমূহ আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক আৰু ৰাজ্যিক বাহিনীৰ সংযুক্ত বাহিনীক সেনাই নেতৃত্ব দিব বুলি জানিবলৈ দিয়ে ৷

মণিপুৰৰ বিভিন্ন স্থানত প্ৰায় 50 হাজাৰ লোকে শিবিৰত বসবাস কৰি আছে । বিশেষকৈ সকলো নাগৰিক সমাজৰ সংগঠনক উচটনিমূলক বক্তব্য নিদিবলৈ আৰু ৰাজ্যৰ শান্তিৰ বাবে একেলগে কাম কৰিবলৈ সিঙে আহ্বান জনায় । মণিপুৰৰ বিদ্ৰোহী সংগঠন ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউ পি এফ) আৰু কুকি নেশ্যনেল অৰ্গেনাইজেশ্যনে বৰ্তমান কেন্দ্ৰটোৰ সৈতে ছাচপেনচন অৱ অপাৰেচন (এছ অ’ অ’) চুক্তি সন্দৰ্ভত দেওবাৰে কয় যে তেওঁলোকে কাংগুই (কাংপকপি)ত অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে ৷ ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ 2 নং ৰাষ্ট্ৰীয় ঘাইপথ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ’ব বুলিও কয় ।

লগতে পঢ়ক : Missing news : বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ যুৱক; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.