ETV Bharat / bharat

প্ৰতাৰণাৰে তৃতীয় লিংগৰ সৈতে বিবাহ সম্পন্নৰ অভিযোগ; গোচৰ ৰুজু - medical examination

২৮ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হোৱা কানপুৰৰ এজন লোকে তেওঁৰ শহুৰেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ শহুৰেকৰ পৰিয়ালে তেওঁক এজন তৃতীয় লিংগৰ লোকৰ সৈতে প্ৰতাৰণাৰে বিবাহ স্থাপন কৰোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

Man 'duped' into marrying transgender, files case against in-laws
প্ৰতাৰণাৰে তৃতীয় লিংগৰ সৈতে বিবাহ সম্পন্নৰ অভিযোগ; গোচৰ ৰুজু
author img

By

Published : Jun 22, 2021, 7:12 PM IST

নেচনেল ডেস্ক, 22 জুন: কানপুৰৰ এজন ব্যক্তিয়ে তেওঁৰ শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে তেওঁলোকে এজন তৃতীয় লিংগৰ লোকৰ সৈতে প্ৰতাৰণাৰে বিবাহ স্থাপন কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে । ইতিমধ্যে এই সন্দৰ্ভত ভুক্তভোগী লোকজনে এজাহাৰ দাখিল কৰিছে ৷

আৰক্ষীয়ে জনোৱা মতে, লোকজনে তেওঁৰ অভিযোগত বিবাহৰ সময়ত তেওঁক আৰু তেওঁৰ পৰিয়ালক অন্ধকাৰত ৰাখি তেওঁক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

অভিযোগ অনুসৰি, ২৮ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হোৱা লোকজনে বিবাহৰ পাছত সত্য কথাটো জানিবলৈ সক্ষম হয় । লোকজনে দাবী কৰে যে, তেওঁৰ পত্নীৰ যৌনাংগ সম্পূৰ্ণৰূপে বিকশিত হোৱা নাছিল যাৰ বাবে তেওঁ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অক্ষম হৈছে ।

লোকজনে কয় যে, তেওঁৰ পত্নীক চিকিৎসাৰ বাবে লৈ যোৱাৰ পিছত তেওঁ এই সত্যটোৰ বিষয়ে জানিব পাৰিছিল । "শাস্ত্ৰী নগৰৰ এগৰাকী বাসিন্দাই জিলাখনৰ পাংকি অঞ্চলৰ এগৰাকী মহিলাক বিয়া কৰাইছিল । তেওঁলোকৰ বিবাহৰ পিছত কইনাগৰাকীক দৰাৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰাত অস্বস্তি বোধ কৰিছিল ৷ এই ক্ষেত্ৰত মহিলাগৰাকীয়ে তেওঁৰ স্বাস্থ্যজনিত সমস্যা থকাৰ কথা জানিবলৈ দিয়ে । দিনবোৰ পাৰ হোৱাৰ লগে লগে মানুহজনৰ মনত সন্দেহ উপজে । অৱশেষত লোকজনে তেওঁৰ পত্নীক পৰীক্ষাৰ বাবে এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যায় ৷ যাৰ পাছতে চিকিৎসকগৰাকীয়ে নিশ্চিত কৰে যে, মহিলাগৰাকী এগৰাকী তৃতীয় লিংগৰ লোক ৷" আৰক্ষী পৰিদৰ্শক কুঞ্জ বিহাৰী মিশ্ৰাই এনেদৰে কয় ।

ইফালে এই ঘটনাৰ পাছতে লোকজনে দেওবাৰে তেওঁৰ পত্নীৰ চিকিৎসাৰ প্ৰতিবেদন(medical examination) সংলগ্ন কৰি এখন এজাহাৰ দাখিল কৰে । কইনা, তাইৰ পিতৃ-মাতৃ আৰু মধ্যস্থতাকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ (প্ৰৱঞ্চনা) ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰিছে লোকজনে ।

আৰক্ষী পৰিদৰ্শকগৰাকীয়ে লগতে কয় যে, "ইতিমধ্যে অভিযোগকাৰীৰ শহুৰেককে ধৰি আঠজন ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে ৷ ইফালে আৰক্ষীয়েও অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত । আৰক্ষীৰ অনুসন্ধানৰ ওপৰত ভিত্তি কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

লগতে পঢ়ক: নাৱত বহি পাবজি খেলি মৃত্যুক সাবটিলে দুজনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.