নেশ্যনেল ডেস্ক, ৯ মে' : মধ্য প্ৰদেশৰ খাৰগোন জিলাত শোকাবহ পথ দুৰ্ঘটনা (Accident in MP)। উন আৰক্ষী থানাৰ অন্তৰ্গত দাচাংগা গাঁৱত দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ । দ' খাৱৈত বাগৰি পৰাৰ ফলত বাছখনৰ ২২ গৰাকী যাত্ৰীৰ মৃত্যু হয় (22 died in road accident in MP)। তথ্য ্নুসৰি, বাছখন খাৰগোনৰ পৰা ইন্দোৰলৈ গৈ আছিল ।
জানিব পৰা মতে বাছখনত ৫০ জনতকৈও অধিক যাত্ৰী আছিল । দুৰ্ঘটনাটোৰ ফলত ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটো ডংগাৰগাঁৱৰ দলঙত সংঘটিত হৈছে । খবৰ পোৱাৰ লগে লগে জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় লোকৰ সহযোগক আৰক্ষী আৰু উদ্ধাৰকাৰী দলে বাছত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে । গুৰুতৰভাৱে আহতসকলক এম্বুলেন্সেৰে খাৰগোন জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইফালে প্ৰশাসনে দুৰ্ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।
বিৱৰণি অনুসৰি, বোৰাদ নদীৰ ওপৰত থকা দলংখনত বাছখন হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই তলত বাগৰি পৰে (Bus falls off bridge in MP)। বাছখন পৰি যোৱাৰ লগে লগে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলৰ মতে, মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । উদ্ধাৰকাৰী দলে নিৰন্তৰভাৱে দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । দুৰ্ঘটনাগ্ৰস্ত বাছখন মা শাৰদা ট্ৰেভেলছৰ বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাটোৰ পাচতে সমগ্ৰ অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
এই দুৰ্ঘটনাটোৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে শোক প্ৰকাশ কৰিছে (PM Modi condoles of MP bus accident)। দুৰ্ঘটনাত নিহতসকলৰ আত্মাৰ সদগতি আৰু আহত সকলোৰে দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰধানমন্ত্ৰীয়ে ।
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ ৪ লাখ টকা, গুৰুতৰভাৱে আহতসকলৰ বাবে ৫০ হাজাৰ টকা আৰু সামান্য আঘাতপ্ৰাপ্তৰ বাবে ২৫,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে । ইফালে দুৰ্ঘটনাটোত আহতসকলৰ চিকিৎসাৰ বাবেও চৰকাৰে ব্যৱস্থা কৰিব (MP CM on bus accident)।
লগতে পঢ়ক : Kerala tragedy : পলাতক নাৱৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, ন্যায়িক তদন্তৰ নিৰ্দেশ চৰকাৰৰ