নিউজ ডেস্ক , ২১ জানুৱাৰী : দেহ ব্য়ৱসায় চক্ৰৰ বিৰুদ্ধে এইবাৰ কঠোৰ মহাৰাষ্ট্ৰৰ আৰক্ষী । মঙলবাৰে নিশা ভিৱাণ্ডি চহৰৰ এখন ল'জত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেহ ব্য়ৱসায়ৰ সৈতে জড়িত তিনিগৰাকী লোকক । আৰক্ষীয়ে জনোৱা মতে নাৰপোলী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত দেহ ব্য়ৱসায়ী চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰা হয় ২৩ আৰু ৩২ বছৰীয়া দুগৰাকী মহিলাক ।
মহিলা কেইগৰাকীক দেহ ব্য়ৱসায় কাৰ্যত লিপ্ত হ'বলৈ বাধ্য় কৰাৰ অভিযোগত ল'জটোৰ মেনেজাৰ আৰু দুজন ওৱেটাৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তিনিও গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত আৰু অনৈতিক কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ আধাৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক :মণিপুৰ,ত্ৰিপুৰা আৰু মেঘালয়ৰ 'ৰাজ্য়িক দিৱস'ৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ