ETV Bharat / bharat

Karnataka elections 2023: প্ৰায় 70 শতাংশ ভোটদানেৰে অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ - নিৰ্বাচনী হিংসা

অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ মুঠ ভোটদানৰ হাৰ 72.18 শতাংশ ৷ কেইভাটাও স্থানত নিৰ্বাচনী হিংসা (Karnataka poll 2023) ৷

Karnataka elections 2023
Karnataka elections 2023
author img

By

Published : May 10, 2023, 10:44 PM IST

নিউজ ডেস্ক, 10 মে’: কৰ্ণাটকত আজি সম্পন্ন হ’ল বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ বুধবাৰে সন্ধিয়া 6 বজাত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটদানৰ অন্ত পৰে আৰু ইচিআইৰ ভোটদানৰ এপত আংশিকভাৱে ভোটাৰৰ ভোটদানৰ হাৰ 72.18 শতাংশ দেখা গৈছে (Karnataka elections 2023) ।

Karnataka elections 2023
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

নিৰ্বাচনৰ বাবে এগজিট প’লো চলি আছে আৰু ইয়াৰ পৰা বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা অনুমান কৰিব পাৰি ৷ এই প্ৰতিদ্বন্দিতাৰ পৰা বিজেপি আৰু কংগ্ৰেছ যিকোনো এটা দলৰ বাবে সুবিধাজনক হোৱাৰ সম্ভাৱনা আছে । কিন্তু 2018 চনৰ দৰেই যিকোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা নাই, যাৰ ফলত জেডি(এছ)য়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে কিংমেকাৰ হোৱাৰ সম্ভাৱনা আছে ।

ৰাজ্যখনৰত প্ৰায় শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ অনুষ্ঠিত হ’ল যদিও কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গ’ল নিৰ্বাচনী হিংসা ৷ বিজয়পুৰা জিলাৰ মাচাবিনালা গাঁওখনত উত্তেজিত ভোটাৰ ৰাইজে ক্ষতিগ্ৰস্ত কৰে ইভিএম মেচিন (EVMs damaged at Masabinala Karnataka polls) ৷

উল্লেখ্য যে, ভোট কেন্দ্ৰটোত ইভিএম মেচিনত ক্ৰুটি ধৰা পৰাৰ পাচতেই কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছিল ভোটগ্ৰহণ প্ৰতিক্ৰিয়া ৷ লগতে ইভিএম মেচিনটো নিৰ্বাচনী বিষয়াসকলে আঁতৰাই লৈ গৈছিল ৷ এই বিষয়ে নিৰ্বাচনী বিষয়াসকলক সোধাত তেওঁলোকে সন্তুষজনক উত্তৰ প্ৰদান কৰা নাছিল ৷ যাৰ বাবে উত্তেজিত ৰাইজে ভাঙি ক্ষতিগ্ৰস্ত কৰে ইভিএম মেচিনটো ৷

ইফালে উত্তেজিত ৰাইজে ক্ষতিগ্ৰস্ত কৰে এগৰাকী নিৰ্বাচনী বিষয়াৰ বাহন ৷ ৰাইজৰ বিৰুদ্ধে নিৰ্বাচনী বিষয়াসকলকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় এটা আৰক্ষীৰ দল, লগতে ভোটকেন্দ্ৰটোত বৃদ্ধি কৰা হয় নিৰাপত্তা (Karnataka assembly polls) ৷

ইয়াৰ লগতে কোলাৰৰ কুটেৰী গাঁৱৰ এটা ভোট গ্ৰহণ কেন্দ্ৰতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ এই ঘটনাত আহত হয় এগৰাকী ব্যক্তি ৷ উল্লেখ্য যে, এগৰাকী মহিলা কনিষ্টবলে ভোটাৰ ৰাইজক ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ নিলগত থাকিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু এগৰাকী ব্যক্তিয়ে এই নিৰ্দেশ অমান্য কৰাৰ বাবে তেওঁক আৰক্ষীয়ে আটক কৰি গাড়ীৰে লৈ যোৱাৰ চেষ্টা কৰিছিল ৷ তেনে সময়তে লোকজন মূৰত আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ পাচতেই ৰাইজে আৰক্ষীৰ বাহনখন আবদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে (Ex panchayat member from Kolar) ৷

ৰাজ্যখনৰ পদ্মনাভনগৰ সমষ্টিতো এটা ভোট কেন্দ্ৰত সংঘটিত হয় এক সংঘৰ্ষ ৷ এই ঘটনাত হয় কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী ৷ অভিযোগ অনুসৰি প্ৰায় 30 জনমান গাঞ্জা সেৱনকাৰী যুৱকে লাঠিৰে কংগ্ৰেছ কৰ্মী কেইজনক আক্ৰমণ কৰে ৷ এই ঘটনাত আহত হয় মহিলা কংগ্ৰেছ কৰ্মীও ৷ এই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে (Clash in Bengaluru in Padmanabhanagar) ৷

লগতে পঢ়ক: Manipur Violence: ভয়ংকৰ নিস্তব্ধতাই বিৰাজ কৰিছে সংঘৰ্ষপীড়িত মণিপুৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.