ETV Bharat / bharat

Lalu prasad slams Modi: স্বাধীনতা দিৱসৰ ভাষণত নিজৰ হতাশা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; লালু প্ৰসাদ - বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ

নৰেন্দ্ৰ মোদী হতাশ হৈছে ৷ তেওঁৰ ভাষণত প্ৰকাশ পাইছে হতাশগ্ৰস্ততা ৷ এই ভাষ্য প্ৰদান কৰিছে বৰ্ষীয়ান ৰাজনীতিক লালু প্ৰসাদ যাদৱে ৷

Lalu prasad slams Modi over Independence day Day speech
গোপালগঞ্জত লালু প্ৰসাদ যাদৱ
author img

By

Published : Aug 22, 2023, 10:15 AM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট: সোমবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনা প্ৰদান কৰা ভাষণক কঠোৰ ভাষাৰে সমালোচনা কৰে । জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে কয়, "আমি এনেকুৱা প্ৰধানমন্ত্ৰীক আগতে কেতিয়াও দেখা নাই যিয়ে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ পূৰ্বে এনেকুৱা কথা কয় । ইয়াৰ পৰা বুজা যায় যে তেওঁ হতাশ হৈ পৰিছে ।"

"18 টা দল একত্ৰিত হৈ পাটনা আৰু বেংগালুৰুত দুটা পৰ্যায়ৰ সফল বৈঠকত মিলিত হৈছোঁ । চলিত মাহৰ শেষৰ ফালে মুম্বাইত তৃতীয়বাৰৰ বাবে হ’বলগীয়া বৈঠকৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ । বিজেপিক পৰাস্ত কৰি দেশৰ গণতন্ত্ৰ ৰক্ষাৰ প্ৰচেষ্টাত আমি সকলোৱে একত্ৰিত হৈছোঁ । ইয়াৰ বাবে যি সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন হ’ব, সেয়া উপযুক্ত সময়ত লোৱা হ’ব ৷" লালু যাদৱে কয় ।

যোৱা বছৰ জটিল এক অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত তেওঁ পৰিয়ালৰ লগতে নেদেখাজনলৈ কৃতজ্ঞতা জনায় ৷ 70 ৰাজনীবিদগৰাকীক কন্যা ৰোহিনী আচাৰ্যই তেওঁৰ এটা বৃক্ক দান কৰে ।

সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, "মই নিজৰ স্বাৰ্থত নহয়, মোৰ দেশৰ জনসাধাৰণৰ বাবেই সফলতা কামনা কৰোঁ ।" বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ৰাজধানীৰ পৰা প্ৰায় 100 কিলোমিটাৰ নিলগৰ নিজৰ গৃহ জিলা গোপালগঞ্জত প্ৰাক্তন মুখ্যমন্ত্ৰী পত্নী ৰাবৰী দেৱীৰ সৈতে ভ্ৰমণলৈ গৈছে । উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰীৰ কেইবাটাও গোচৰত দোষী সাব্যস্ত হোৱা প্ৰসাদক অহা সপ্তাহত শুনানি হ’বলগীয়া গোচৰৰ জামিন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত চিবিআয়ে জনোৱা আবেদনৰ বিষয়েও সোধা হৈছিল ।

লালু প্ৰসাদে কয়, "মই ন্যায়পালিকাক সদায় সন্মান জনাই আহিছোঁ । আন কেইবাজনো (একে গোচৰৰ অভিযুক্ত)ৰ সৈতে মোক জামিন মঞ্জুৰ কৰা হৈছিল । এনে নহয় যে মই বলপূৰ্বকভাৱে ওলাই আহিছিলো । জামিন প্ৰদান কৰাৰ সময়ত আদালতে দিয়া কোনো চৰ্ত মই কেতিয়াও উলংঘা কৰা নাছিলোঁ ।"

লগতে পঢ়ক: 15th BRICS Summit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকামুখী নৰেন্দ্ৰ মোদী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.