ETV Bharat / bharat

কাণপুৰত ৰহস্য়জনক মৃত্য়ু সাংবাদিকৰ

author img

By

Published : Jan 3, 2021, 1:41 PM IST

উত্তৰ প্ৰদেশৰ কাণপুৰত শনিবাৰে ৰহস্য়জনকভাৱে এখন বাহত উদ্ধাৰ হয় আশু যাদৱ নামৰ এজন সাংবাদিকৰ মৃতদেহ । প্ৰাৰম্ভিক পৰ্যায়ত, সাংবাদিকজনক ডিঙি চেপি হত্য়া কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ তিনিটা বিশেষ দলে ঘটনাৰ তদন্ত অব্য়াহত ৰাখিছে ।

কানপুৰত ৰহস্য়জনক মৃত্য়ু সাংবাদিকৰ
কানপুৰত ৰহস্য়জনক মৃত্য়ু সাংবাদিকৰ

নেশ্য়নেল ডেস্ক , ৩ জানুৱাৰী : দেশত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা । উত্তৰ প্ৰদেশৰ কাণপুৰত শনিবাৰে ৰহস্য়জনকভাৱে এখন বাহত উদ্ধাৰ হয় আশু যাদৱ নামৰ এজন সাংবাদিকৰ মৃতদেহ । স্থানীয় বাৰা আৰক্ষীয়ে জনোৱা মতে অঞ্চলটোৰ এটা নলাৰ সমীপত বাহনখনৰ পিছফালৰ চীটত সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । প্ৰাৰম্ভিক পৰ্যায়ত সাংবাদিকজনক ডিঙি চেপি হত্য়া কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । উল্লেখ যে, ১ জানুৱাৰীত সাংবাদিকজনৰ পৰিয়ালে তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত জিলাখনৰ ৰেল বজাৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছিল ।

জিলা খনৰ শীৰ্ষ আৰক্ষী বিষয়াই সংবাদমাধ্য়ক জনোৱা মতে বাৰা আৰক্ষীয়ে বাহন খনৰ ভিতৰত মৃত অৱস্থাত সাংবাদিকজনক উদ্ধাৰ কৰে আৰু লগে লগে ৰেল বজাৰ আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত ফৰেণছিকৰ এটা দলো উপস্থিত হৈছে ।

এনেদৰে সাংবাদিকৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলত এতিয়া তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে । ইতিমধ্য়ে আৰক্ষীৰ তিনিটা বিশেষ দলে ঘটনাৰ তদন্ত অব্য়াহত ৰাখিছে আৰু অঞ্চলটোৰ চিচিটিভি ফুটেজো লাভ কৰিছে আৰক্ষীয়ে । অৱশ্য়ে মৰোণত্তৰৰ ফলাফলৰ পিছতহে সাংবাদিকজনৰ মৃত্য়ুৰ ৰহস্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :সুদীৰ্ঘ ৯ মাহৰ পিছত মুকলি হ'ল পুৰীৰ জগন্নাথ মন্দিৰৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.