ETV Bharat / bharat

ক'ভিড প্ৰতিষেধক: ব্যক্তিগত চিকিৎসালয়ত অধিকতম মূল্য 250 টকা - নীতি আয়োগ

ক'ভিড-19 প্ৰতিষেধকৰ বাবদ ব্যক্তিগত চিকিৎসালয়সমূহে সংগ্ৰহ কৰিব নোৱাৰিব 250 টকাতকৈ অধিক মূল্য ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক ভাৰতীয় স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসকলৰ আদৰণি ৷

indias health fraternity hails ceiling of rs 250 in pvt hospital for covid 19 dose

author img

By

Published : Feb 28, 2021, 1:00 PM IST

নেচনেল ডেস্ক,28 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ক'ভিড-19 প্ৰতিষেধকৰ বাবদ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে 250 টকাতকৈ অধিক মূল্য সংগ্ৰহ কৰিব নোৱাৰিব বুলি লোৱা সিদ্ধান্তক শনিবাৰে ভাৰতীয় স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসকলে আদৰণি জনায় ৷

সমগ্ৰ অতিমাৰীৰ কালছোৱাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে চৰকাৰৰ সৈতে সহযোগেৰে কাম কৰি আহিছে বুলি ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰি এছিয়ান চ'চাইটি ফৰ ইমাৰজেঞ্চি মেডিচিনৰ সভাপতি ডাঃ তাম'ৰিশ ক'লে কয় যে, তেওঁ এই কথাত নিশ্চিত যে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে চৰকাৰৰ এই সিদ্ধান্ত সহযোগ কৰিব আৰু সমগ্ৰ অভিযানটোক সাফল্যমণ্ডিত কৰি তুলিব ৷

জন সাধাৰণ নিশ্চয়কৈ আগবাঢ়িব আৰু ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰিব বুলি মন্তব্য কৰি ডাঃ ক'লে আশা প্ৰকাশ কৰে যে, তেওঁৰ এইক্ষেত্ৰত বিশ্বাস আছে যে, এই পৰ্যায়ত প্ৰাধান্য দিয়া লোকসকলে ক'ভিডৰ আশংকা বুজি আগবাঢ়ি আহিব ৷ ডাঃ ক’লৰ এই মন্তব্যৰ পাছত ধাৰণা কৰিব পাৰি যে, প্ৰথম পৰ্যায়ত জন সাধাৰণে প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত দ্বিধা প্ৰকাশ কৰিছিল ৷ যিমান পাৰি সিমান লোকক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে যথোপযুক্ত সকলো ব্যৱস্থা কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷

একেধৰণৰ মনোভাৱ প্ৰকাশ কৰি এছ'চিয়েচন অফ হেল্থ কেয়াৰ প্ৰভাইডাৰ্চ- ইণ্ডিয়াৰ ডাইৰেক্টৰ জেনেৰেল ডাঃ গিৰিধৰ জ্ঞানীয়ে কয় যে 250 টকা মূল্যই জনসাধাৰণ প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে আকৰ্ষিত কৰিব ৷ ডাঃ জ্ঞানীয়ে কয় যে, আগষ্টৰ ভিতৰত দ্বিতীয় পৰ্যায়ত প্ৰাধান্য দিয়া সকলো লোকেই ক'ভিড-19 ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নীতি আয়োগ, প্ৰতিষেধক প্ৰস্তুতকৰ্তা আৰু অন্যান্য অংশীদাৰ সকলৰ এক বৈঠকৰ পাছতে প্ৰতিষেধকৰ বাবদ ল'ব লগীয়া অধিকতম মূল্য 250 টকা ধাৰ্য কৰা হৈছিল ৷

লগতে পঢ়ক: তেলেংগানাত ক’ভিড-19 ত আক্ৰন্ত 178 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.