নেশ্যনেল ডেস্ক, 23 জুন: বিহাৰৰ পাটনাত শুকুৰবাৰে সম্পন্ন হ’ল 17 টা বিৰোধী দলৰ উমৈহতীয়া বৈঠক ৷ এই বৈঠকত 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
বৈঠকৰ পূৰ্বে পাটনাত কংগ্ৰেছ কৰ্মীসকলতক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ মূল ভেটি এতিয়া আক্ৰমণৰ সন্মুখীন হৈছে ৷ এই আক্ৰমণক প্ৰতিহত কৰিবলৈ বিৰোধীৰ উমৈহতীয়া শক্তিয়ে এটা প্ৰধান আদৰ্শ আগত ৰাখি নমনীয়ভাৱে যুঁজ দিব ৷
দলীয় কৰ্মীসকলৰ আগত ৰাহুল গান্ধীয়ে লগতে কয়, ‘‘ঘৃণাক ঘৃণাৰে প্ৰতিহত কৰিব নোৱাৰি ৷ ইয়াক কেৱল প্ৰেমেৰেহে পৰাজিত কৰিব পাৰি ৷ কংগ্ৰেছে দেশক একত্ৰিত কৰিবলৈ আৰু প্ৰেম বিয়পাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই উদ্দেশ্য আগত ৰাখি আমি বিহাৰত সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হ’বৰ বাবে আহিছো ৷’’ কংগ্ৰেছৰ আদৰ্শ ভাৰত জোড়ো আৰু বিজেপি-আৰএছএছৰ আদৰ্শ ‘ভাৰত টোড়ো’ বুলিও কয় ৰাহুল গান্ধীয়ে ৷
উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষত বিৰোধী দলসমূহে 4 ঘণ্টাজোৰা বৈঠকত মিলিত হয় ৷ আনহাতে বিৰোধীৰ উমৈহতীয়া দ্বিতীয়খন বৈঠক কিছুদিনৰ পাচত অনুষ্ঠিত হ’ব ছিমলাত ৷ ছিমলাৰ বৈঠকৰ অধ্যক্ষকতা কৰিব নিখিল ভাৰত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে ৷ এই বৈঠকত 2024 ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ চূড়ান্ত ৰণনীতি প্ৰস্তুত কৰা হ’ব ৷
ইফালে বিজেপিয়ে বিৰোধীৰ সৰ্বদলীয় বৈঠকক লৈ তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হয় ৷ বিৰোধী দলৰ বৈঠকক ‘ফটো চেশ্যন’ আখ্যা দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে ৷
লগতে পঢ়ক: Opposition Patna Meet: বিৰোধীৰ সৰ্বদলীয় বৈঠক; 2024ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত