ETV Bharat / bharat

PM Modi Addressed New Parliament : নাৰী নেতৃত্বাধীন উন্নয়নৰ বাবে সাজু ভাৰত; প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:50 PM IST

তেওঁ অতীতৰ বিষাদবোৰ সমধিস্থ কৰাৰ কথা কয় আৰু ভাৰতক বিশ্ব মঞ্চত উদ্ভাসিত হোৱাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । "আজিৰ দিনটোত মই লোকমান্য তিলকৰ নাম উল্লেখ কৰিব লাগিব, যিয়ে গণেশ চতুৰ্থীত স্বাধীন ভাৰতৰ কথা কৈছিল । আজি আমি ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ কথা কৈছোঁ ।"

PM Modi Addressed New Parliament
PM Modi Addressed New Parliament

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সংসদৰ বিশেষ অধিবেশনত নতুন সংসদ ভৱনত প্ৰথমটো ভাযণ আগবঢ়ায় । তেওঁ দিয়া প্ৰথম ভাষণত কয় যে ভাৰত নাৰী নেতৃত্বাধীন উন্নয়নৰ বাবে সাজু হৈছে । তেওঁ মঙলবাৰে নতুন সংসদ ভৱনত ভৰি দিয়াৰ পিছতেই ভগৱান গণেশৰ আৱাহন কৰে । তেওঁ ভগৱান গণেশক সকলো বাধা-বিঘিনি নাশক হিচাপে উল্লেখ কৰে ।

তেওঁ লগতে কয় যে এই দিনটোৱে এক গৌৰৱময় ভৱিষ্যতৰ এক নতুন আৰম্ভণি সূচাইছে । আনহাতে, তেওঁৰ ভাষণৰ এক গুৰুত্বপূৰ্ণ অংশ নাৰীৰ ওপৰত কেন্দ্ৰীভূত আছিল । তেওঁ কয় যে নাৰীয়ে সমাজত সুন্দৰ ভূমিকা পালন কৰি আছে । "অটল বিহাৰী বাজপেয়ীজীৰ সময়ত নাৰী সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হৈছিল । কিন্তু লোকসভাত সহমতৰ অভাৱৰ বাবে ইয়াক গৃহীত কৰিব পৰা নগ'ল । ঈশ্বৰে মোক মহৎ কাৰ্যৰ বাবে বাছনি কৰিছে । নাৰীয়ে প্ৰতিটো ক্ষেত্ৰতে উৎকৃষ্ট প্ৰদৰ্শন দেখুওৱাৰ বাবে আনন্দিত হৈছঁ । মই নাৰীসকলক নীতি নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চাব বিচাৰোঁ । আমাৰ চৰকাৰে নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

তেওঁ অতীতৰ বিষাদবোৰ সমাধিস্থ কৰাৰ কথা উল্লেখ কৰে আৰু ভাৰতক বিশ্ব মঞ্চত উদ্ভাসিত হোৱাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । "আজিৰ দিনটোত মই লোকমান্য তিলকৰ নাম উল্লেখ কৰিব লাগিব, যিয়ে গণেশ চতুৰ্থীত স্বাধীন ভাৰতৰ কথা কৈছিল । আজি আমি ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ কথা কৈছোঁ ।" মোদীয়ে কয় ।

নতুন সংসদ ভৱনৰ লোকসভাত তেওঁ কয়, "আজি সম্ৱৎসৰীও উদযাপন কৰা হয় । এয়া এক বিস্ময়কৰ পৰম্পৰা । আজিৰ দিনটোক আমি 'মিচামি ডুক্কদম' বুলি কওঁ । ই আমাক ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে যদি কাৰোবাক আঘাত কৰিছোঁ তেন্তে তেওঁৰ ওচৰত ক্ষমা বিচাৰিবলৈ সুযোগ দিয়ে । মই সংসদৰ সকলো সদস্য আৰু দেশৰ জনসাধাৰণক 'মিচামি চুক্কদম' বুলিও ক'ব বিচাৰোঁ ।"

আনহাতে, প্ৰধানমন্ত্ৰী মোদিয়ে 'ছেঙ্গোল'ৰ বিষয়েও উল্লেখ কৰে, যিটো প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে সম্পৰ্কিত আছিল । "ছোঙ্গোল হৈছে একতাৰ প্ৰতীক । পণ্ডিত নেহৰুৰ সৈতে সম্পৰ্ক থকা পৱিত্ৰ প্ৰতীকটো নতুন ভৱনটোত সুশোভিত কৰা হৈছে ।" তেওঁ কয় ।

প্ৰধানমন্ত্ৰীয়ে ভৱনটো নিৰ্মাণত জড়িত থকা ৩০ হাজাৰোধিক শ্ৰমিককো সন্মান জনায় । "মই সেই সকলো শ্ৰমিকক অভিবাদন জনাইছোঁ, যিসকলে নতুন সংসদ ভৱনটো গঢ়ি তুলিবলৈ পৰিশ্ৰম কৰিছিল । তেওঁলোকৰ কৃতিত্বৰ বাবে প্ৰশংসা সূচক কোনো শব্দয়ে পৰ্যাপ্ত নহয় ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

লগতে পঢ়ক : Parliament Special Session : সংকীৰ্ণ মানসিকতাৰ ঊৰ্ধ্বত বিশ্ব পৰ্যায়ত কাম কৰাৰ সময়; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.