ETV Bharat / bharat

INDIA joint logo launch : বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ প্ৰতীক উন্মোচন স্থগিত - INDIA bloc meeting

সূত্ৰৰ মতে সৰ্বসন্মতিৰ অভাৱৰ বাবে মিত্ৰজোঁটৰ প্ৰতীক উন্মোচন কৰা হোৱা নাই । ডিজাইনৰ বিভিন্ন দিশৰ ওপৰত একাংশ নেতাই আশংকা ব্যক্ত কৰিছে যাৰ বাবে প্ৰতীক উন্মোচন স্থগিত ৰখা হৈছে ।

INDIA joint logo launch
বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ প্ৰতীক উন্মোচন স্থগিত
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:34 PM IST

নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ : বিৰোধী মিত্ৰজোঁট 'INDIA' গঠন হোৱাৰ পাছৰে পৰা তেওঁলোকৰ প্ৰতীক আৰু পতাকা কি হ'ব তাক লৈ জল্পনা কল্পনা চলি আছিল । সকলোৱে আশা কৰিছিল যে চলিত মুম্বাইৰ বৈঠকত মিত্ৰজোঁটে প্ৰতীক উন্মোচন কৰিব । কিন্তু বহু প্ৰত্যাশিত এই প্ৰতীক উন্মোচন বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে ।

মুম্বাইত অনুষ্ঠিত বিৰোধী দলৰ বৈঠকৰ মাজতে এই কথা ঘোষণা কৰে বিৰোধী দলসমূহে । বৈঠকৰ আয়োজক দল শিৱসেনা (ইউবিটি)ৰ সাংসদ সঞ্জয় ৰাউত আৰু কংগ্ৰেছৰ বিৰোধী দলৰ নেতা বিজয় ৱাদেট্টিৱাৰে সংবাদ মাধ্যমক জনায় কয় যে প্ৰতীক মুকলিৰ কাৰ্যসূচী এতিয়াৰ বাবে পিছুৱাই দিয়া হৈছে । ইফালে শুকুৰবাৰে পুৱা মুম্বাইৰ হোটেল গ্ৰেণ্ড হায়াতত ইণ্ডিয়া কনক্লেভ ৩.০ বৈঠকৰ শুভাৰম্ভ হয় । ৰাউতে কয় যে ২৮ টা বিৰোধী দলৰ একাংশ নেতাৰ কিছুমান পৰামৰ্শ প্ৰতীক চূড়ান্ত কৰাৰ পূৰ্বে বিবেচনা কৰিব লাগিব । তাৰ পাছতে প্ৰতীক উন্মোচন কৰা হ'ব ।

অৱশ্যে, মহা বিকাশ আঘাড়িৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ক্ষেত্ৰত সৰ্বসন্মতিৰ অভাৱ আছিল । কিয়নো কিছুমান সদস্যই প্ৰতীক ডিজাইনৰ বিভিন্ন দিশৰ ওপৰত আশংকা প্ৰকাশ কৰিছে । তাৰ ভিতৰত আছে ৰঙৰ সংমিশ্ৰণ, আকাৰ ইত্যাদি যাক এতিয়া সকলো পক্ষই বিবেচনা কৰিব । সকলোৱে অনুমোদন জনোৱাৰ পাছত আৰু সৰ্বসন্মতি গ্ৰহণ কৰাৰ পাছত প্ৰতীক উন্মোচন কৰা হ'ব । ভোটাৰসকলে সংশ্লিষ্ট সমষ্টিৰ বাবে সংযুক্ত বিৰোধী দলৰ যুটীয়া আনুষ্ঠানিক প্ৰাৰ্থী চিনাক্ত কৰিবলৈ সক্ষম হোৱাৰ বাবে লোকসভা প্ৰচাৰৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নাম আৰু নিৰ্বাচনী চিহ্নৰ সৈতে পৰিকল্পিত 'INDIA'ৰ প্ৰতীক প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে ।

কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ কপিল চিব্বাল, শিৱসেনা (ইউবিটি)ৰ নেতা উদ্ধৱ ঠাকৰে আৰু আদিত্য ঠাকৰে আৰু নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতা সুপ্ৰিয়া চুলেয়ে অন্যান্য নেতাসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ ৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰাৰ লক্ষ্যৰে বিৰোধী মিত্ৰজোঁটৰ এইখন তৃতীয় বৈঠক ।

বৈঠকখনত লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতাৰ ৰণনীতি আৰু ৰাজ্যসমূহত আসন ভাগ-বতৰাৰ বিষয়েও আলোচনা কৰা হ'ব । 'INDIA'ৰ নেতাসকলে বৃহস্পতিবাৰে এটা অনানুষ্ঠানিক বৈঠকত মিলিত হৈছিল আৰু তাৰ পাছত শুকুৰবাৰে আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক :One Nation One Election : এক দেশ এক নিৰ্বাচনৰ পৰিকল্পনা; ৰামনাথ কোবিন্দৰ নেতৃত্বত সমিতি গঠন কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.