ETV Bharat / bharat

Lithium Deposits in JK: ভাৰতত প্ৰথমবাৰৰ বাবে ওলাল লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ - ভাৰতীয় ভূতাত্ত্বিক জৰীপ

ভাৰতত পোন প্ৰথমবাৰৰ বাবে পোৱা গৈছে লিথিয়ামৰ ভাণ্ডাৰ (First lithium deposit found in India) ৷ জম্মু-কাশ্মীৰত লিথিয়ামৰ সন্ধান লাভ কৰিছে ভাৰতীয় ভূতাত্ত্বিক জৰীপে ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে সদৰী কৰে এই তথ্য ৷

Lithium Deposits in JK
ভাৰতত প্ৰথমবাৰৰ বাবে ওলাল লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ
author img

By

Published : Feb 10, 2023, 12:09 PM IST

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী: ভাৰতত প্ৰথমবাৰৰ বাবে সন্ধান হোৱা গৈছে বৃহৎ লিথিয়াম ভাণ্ডাৰৰ (First lithium deposit found in India) ৷ জম্মু-কাশ্মীৰত পোৱা গৈছে 5.9 নিযুত টন লিথিয়াম ভাণ্ডাৰ ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে এই তথ্য ৷ লিথিয়াম হৈছে এক অ-লৌহ ধাতু আৰু ইভি বেটাৰিৰ (EV battery) এক মুখ্য উপাদান ।

কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে, ভাৰতীয় ভূতাত্ত্বিক জৰীপে প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাৰ (Reasi district of Jammu and Kashmir) চালাল-হাইমানা অঞ্চলত 5.9 নিযুত টনলিথিয়ামৰ সন্ধান লাভ কৰিছে (Lithium deposit in Jammu Kashmir) ৷ আনহাতে, লিথিয়াম আৰু সোণকে ধৰি 51 টা খনিজ খণ্ড সংশ্লিষ্ট ৰাজ্য চৰকাৰক হস্তান্তৰ কৰা হৈছে । এই 51 টা খনিজ খণ্ডৰ ভিতৰত 5 টা খণ্ড সোণ আৰু অন্যান্য খণ্ড যেনে পটাছ, মলিবডেনাম আদি দেশৰ 11খন ৰাজ্য জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, ওডিশা, ৰাজস্থান, তামিলনাডু আৰু তেলেংগানা আদিত সম্প্ৰসাৰিত হৈ আছে ৷

2018-19 বৰ্ষৰ পৰা বৰ্তমানলৈকে ভাৰতীয় ভূতাত্ত্বিক জৰীপে (Geological Survey of India) চলোৱা অনুসন্ধানৰ ওপৰত ভিত্তি কৰি এই খণ্ডসমূহ নিৰ্ধাৰণ কৰা হৈছে ৷ ইয়াৰ উপৰিও, মুঠ 7897 নিযুত টন কয়লা আৰু লিগ্নাইটৰ 17খন প্ৰতিবেদন কয়লা মন্ত্ৰালয়ক হস্তান্তৰ কৰা হৈছে ৷ 2023-24 বৰ্ষত জিএছআইয়ে 12 টা সামুদ্ৰিক খনিজ অনুসন্ধান প্ৰকল্পকে ধৰি 318 টা খনিজ অন্বেষণ প্ৰকল্পৰে গঠিত 966 টা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

আনহাতে, ভাৰতীয় ভূতাত্ত্বিক জৰীপে কৌশলগত আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ওপৰত 115 টা প্ৰকল্প আৰু সাৰ খনিজ পদাৰ্থৰ ওপৰত 16 টা প্ৰকল্প প্ৰস্তুত কৰিছে । এই তথ্য সদৰী কৰিছে খনি মন্ত্ৰালয়ে ৷ উল্লেখ্য যে, ৰেল’ৱেৰ বাবে কয়লা অনুসন্ধান কৰিবলৈ 1851 চনত ভাৰতীয় ভূতাত্ত্বিক জৰীপ (GSI) স্থাপন কৰা হৈছিল ।

ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যসমূহ হ’ল ৰাষ্ট্ৰীয় ভূ-বৈজ্ঞানিক তথ্য আৰু খনিজ সম্পদ মূল্যায়ন কৰা । এই কাৰ্যসমূহ ভূমি জৰীপ, সামুদ্ৰিক জৰীপ, খনিজ সম্ভাৱনা আৰু অনুসন্ধান, ভূ-বৈজ্ঞানিক, ভূ-কাৰিকৰী, ভূ-পৰিৱেশ আৰু প্ৰাকৃতিক বিপদ অধ্যয়ন, গ্লেচিঅ'লজী অধ্যয়ন আৰু মৌলিক গৱেষণাৰ দ্বাৰা সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক: Attack on minister house: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.