ETV Bharat / bharat

IAS officer turn Sannyas: আই এ এছ ড৹ কমল তাওৰী স্বামী কমলানন্দ মহাৰাজ হ'ল কিয় ? - অগ্নিবীৰ আঁচনি সন্দৰ্ভ

উত্তৰাখণ্ডৰ এজন ব্যতিক্ৰম ব্যক্তি ৷ তেখেতক প্ৰাক্তন ভাৰতীয় সেনা বিষয়া, এজন প্ৰাক্তন আয়ুক্ত, ভাৰত চৰকাৰৰ এজন প্ৰাক্তন সচিব, এজন প্ৰাক্তন আই এ এছ বিষয়া (Kamal Taori IAS Biography), এজন লেখক, এজন সমাজকৰ্মী আৰু প্ৰেৰণাদাতা বুলি চিনাকি দিলেও যেন উপাধিৰ কম হৈ ৰয় ৷ কোন এখেত ? জানিবলৈ পঢ়ক এই বাতৰি...

ias-kamal-tawari-become-swami-kamalanand-maharaj-by-taking-sanyas-in-badirnath
এজন বহুমুখী পেচাদাৰী মানুহ
author img

By

Published : Nov 5, 2022, 5:48 PM IST

নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ: কোনোবা ডাক্তৰ, কোনোবা অভিযন্তা, কোনোবা আৰক্ষী বিষয়া, কোনোবা দোকানী ৷ একেদৰে প্ৰতিজন ব্যক্তিৰে একোটা পৰিচয় থাকে ৷ পিছে এইক্ষেত্ৰত ব্যতিক্ৰম উত্তৰাখণ্ডৰ এজন ব্যক্তি ৷ ব্যক্তিজনৰ নাম ড৹ কমল তাওৰী ৷ তেখেতৰ পৰিচয় কেৱল মাত্ৰ এটা নহয় ৷

এজন বহুমুখী পেচাদাৰী মানুহ

তেখেতক প্ৰাক্তন ভাৰতীয় সেনা বিষয়া, এজন প্ৰাক্তন আয়ুক্ত, ভাৰত চৰকাৰৰ এজন প্ৰাক্তন সচিব, এজন প্ৰাক্তন আই এ এছ বিষয়া (Kamal Taori IAS Biography), এজন লেখক, এজন সমাজকৰ্মী আৰু প্ৰেৰণাদাতা বুলি চিনাকি দিলেও যেন উপাধিৰ কম হৈ ৰয় ৷ পিছে সম্প্ৰতি ড৹ কমল তাওৰীৰ এটা নতুন জীৱনত প্ৰেম হৈছে ৷ ড৹ কমল তাওৰীয়ে লৌকিক নাম ত্যাগ কৰি এতিয়া স্বামী কমলানন্দ মহাৰাজ হৈ পৰিছে ৷ তেখেতে বদ্ৰীনাথ ধামত সন্ন্যাস লৈছে (Kamal Taori became a sanyasi in Badrinath) ।

শ্ৰীনগৰত ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত ড৹ কমল তাওৰীয়ে কয় যে তেওঁৰ বিগত 16 বছৰীয়া বিশ্ব ভ্ৰমণত প্ৰতিখন দেশৰ সমস্যা একেই বুলি বিবেচনা কৰিবলৈ বাধ্য হৈছে ৷ সেয়া কৃষিভিত্তিক বুলিও জনায় ড৹ কমল তাওৰীয়ে ৷ লগতে তেওঁ কয় যে ভাৰতীয় জনসাধাৰণে যদি খেতি কৰাত মনোনিৱেশ কৰে, তেতিয়া প্ৰতিজন ব্যক্তিয়ে উন্নয়নৰ দিশে আগবাঢ়িব ৷

লগতে অৱসৰৰ পিছত ড৹ কমল তাওৰীয়ে এতিয়া সাধুসকলৰ সৈতে জীৱন কটাব আৰু গৰু পালনৰ দিশত মানুহক অনুপ্ৰাণিত কৰিব বুলি কয় ৷ ইয়াৰ সমান্তৰালকৈ ৰাইজক সকলোতে গুৰুকুল খুলিবলৈও আহ্বান জনায় ড৹ কমল তাওৰীয়ে । তেওঁ কয় যে মানুহে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, আত্মনিৰ্ভৰশীল হ’ব লাগিব ।

একে সময়তে অগ্নিবীৰ আঁচনি সন্দৰ্ভত ভাষণ দি ড৹ কমল তাওৰীয়ে কয় যে শেহতীয়াকৈ চৰকাৰে সেনাবাহিনীত অগ্নিবীৰ নামেৰে এখন আঁচনি আৰম্ভ কৰিছে । কিন্তু ইয়াৰ আগতে চৰকাৰে এই আঁচনিখন অন্য বিভাগত চলাব লাগিছিল, যাতে সমগ্ৰ দেশতে সঠিক নীতি মানি চলিব পৰা যায় । তেওঁ কয় যে চৰকাৰী ব্যৱস্থাত বিসংগতি পোৱা গৈছে আৰু ইয়াৰ বহু উন্নতিৰ প্ৰয়োজন ।

উল্লেখ্য যে, বিগত ১৯৪৬ চনৰ ১ আগষ্টত মহাৰাষ্ট্ৰৰ ৱৰ্ধাত জন্মগ্ৰহণ কৰিছিল কমল তাওৰী । সৰুৰে পৰাই তেওঁৰ মনত বেলেগ কিবা এটা কৰাৰ ইচ্ছা আছিল ৷ এই ইচ্ছাই তেখেতক সদায় অসম্ভৱক সম্ভৱলৈ ৰূপান্তৰিত কৰাৰ সাহস দিছিল । কমল তাওৰীয়ে অসামৰিক সেৱাত যোগদান কৰাৰ পূৰ্বে ৬ বছৰ সেনাবাহিনীত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ভাৰতীয় সেনাবাহিনীত থকা সময়চোৱাত তেওঁ কৰ্ণেল পদবী লাভ কৰি ১৯৬৮ চনত আই এ এছ হয় । বিগত ২২ বছৰ ধৰি গ্ৰামোন্নয়ন, গাঁও উদ্যোগ, পঞ্চায়তীৰাজ, খাদী, উচ্চ পৰ্যায়ৰ ৰাজহুৱা প্ৰশিক্ষণ আদি বিভাগৰ লোকক সেৱা আগবঢ়াই আছিল তাওৰীয়ে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু নিটি আয়োগকে ধৰি বিভিন্ন জাতীয় প্ৰতিষ্ঠানত সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ ডি এম আৰু ফৈজাবাদৰ তদানীন্তন আয়ুক্ত হিচাপেও কাম কৰিছিল কমল তাওৰীয়ে ৷ কমল তাওৰীয়ে নিজৰ কৰ্তব্য পালন কৰি থাকোঁতে ইমান অভিজ্ঞতা গোটাইছিল যে তাৰ আধাৰত তেওঁ ৪০খন গ্ৰন্থ ৰচনা কৰি উলিয়াইছিল । এল এল বি ডিগ্ৰীধাৰী হোৱাৰ লগতে তেওঁ অৰ্থনীতিত ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে ।

লগতে পঢ়ক: Bhupen Hazarika death anniversary: সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.