ETV Bharat / bharat

Man strangulates daughter: ব্লেডেৰে ডিঙিত ৰেপি কন্যাক হত্যা পাষাণ পিতৃৰ

পত্নীক প্ৰতিশোধ ল’বলৈ গৈ এজন ব্যক্তিয়ে ব্লেডেৰে ডিঙি ৰেপি হত্যা কৰিলে নিজ কন্যাক ৷ কণমানিজনীৰ মৃতদেহটো গোপন স্থানত পেলাবলৈ যাঁওতেই লোকজনৰ গাড়ী টায়াৰ ফাটি বিস্ফোৰণ হোৱাত আৰক্ষীৰ জালত পৰে অভিযুক্ত পিতৃ ৷

Man strangulates his daughter
কন্যাক ব্লেডেৰে ডিঙি ৰেপি হত্যা পিতৃৰ
author img

By

Published : Aug 20, 2023, 8:11 PM IST

নেশ্যনেল ডেস্ক, 20 আগষ্ট: প্ৰতিশোধৰ জুইয়ে নিমিষতে পুৰি ছাৰখাৰ কৰিলে এখন ঘৰ ৷ পত্নীক প্ৰতিশোধ ল’বলৈ গৈ এজন ব্যক্তিয়ে ব্লেডেৰে ডিঙি ৰেপি হত্যা কৰিলে নিজ কন্যাক ৷ এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ ভনস্থালীপুৰমৰ চন্দানগৰত ৷ কণমানিজনীৰ মৃতদেহটো গোপন স্থানত পেলাবলৈ যাঁওতেই লোকজনৰ গাড়ী টায়াৰ ফাটি বিস্ফোৰণ হোৱাত আৰক্ষীৰ জালত পৰে অভিযুক্ত পিতৃ ৷

ভনস্থালীপুৰমৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিবি) ভীম ৰেড্ডী, আব্দুল্লাপুৰমেটৰ পৰিদৰ্শক মনমোহন, জ্যেষ্ঠ পৰিদৰ্শক ভেংকটাৰামী ৰেড্ডী আৰু কিষাণে শনিবাৰে নিশা আব্দুল্লাপুৰমেট আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত হোৱা এই জঘন্য ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিৱৰণ দিয়ে ৷

অজিতসিং নগৰৰ কুণ্ডেতি চন্দ্ৰশেখৰ আৰু বিএইচইএল অঞ্চলৰ হিমাবিন্দুৱে 2011 চনত বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোকে কিছু সময়ৰ বাবে আমেৰিকাত আইটি কৰ্মচাৰী হিচাপে কাম কৰিছিল ৷ কিছু সময়ৰ পূৰ্বে তেওঁলোকে হায়দৰাবাদলৈ ঘূৰি আহি চন্দানগৰত বাস কৰিছিল ৷

তাৰ পিচতেই তেওঁৰ পত্নীয়ে এটা আগশাৰীৰ আইটি কোম্পানীত এগৰাকী মেনেজাৰ হিচাপে যোগদান কৰিছিল আৰু স্বামীয়ে কোম্পানীটোত কৰ্মচাৰী হিচাপে কাম কৰিছিল ৷ তেওঁলোকৰ আঠ বছৰীয়া কন্যাই বিএইচইএলৰ জ্যোতি বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰিছিল ৷

চচাৰ কিছুদিনৰ পিচতে লোকজনে চাকৰি হেৰুৱাত তেওঁৰ পত্নীৰ লগত সঘনাই কাজিয়া হ’বলৈ আৰম্ভ হয় ৷ ফলত তেওঁৰ পত্নী আৰু সন্তান মাতৃগৃহলৈ গুচি যায় ৷ লোকজনে তেওঁৰ পত্নীয়ে তেওঁতকৈ বেছি উপাৰ্জন কৰাৰ লগতে উচ্চ পদত থকাৰ বাবে সহ্য কৰিব পৰা নাছিল ৷ তেওঁৰ পত্নীৰ আৰু কন্যা দূৰ হৈ যোৱাত তেওঁ দিনে দিনে মানসিকভাৱে ভাঙি পৰিছিল ৷

এই ঘটনা সংঘটিত কৰাৰ এসপ্তাহৰ পূৰ্বে তেওঁ এখন দোকানলৈ গৈ এখন ব্লেড কিনিছিল ৷ তাৰ পিচতে তেওঁ কন্যাক লগ ধৰিবলৈ মাতিছিল, কিন্তু তেওঁৰ কন্যাই পিতৃক লগ কৰিবলৈ অমান্তি হোৱাত তেওঁৰ ভীষণ খং উঠে ৷ তেওঁ বহুতো কষ্টৰ মূৰত কন্যাক মান্তি কৰাই লগ কৰিবলৈ মাতি গাড়ীত বহুৱাই বি.এইচ.ই.এল. টাউনশ্বিপৰ পৰা কিছু দূৰলৈ লৈ গৈছিল ৷

তেওঁ কন্যাক কিয় তেওঁৰ মাতৃয়ে তেওঁৰ লগত ভালকৈ কথা পতা নাই বুলি সোধাত কন্যাই নিজেই এই বিষয়ে মাতৃৰ লগত কথা পাতিবলৈ কয় ৷ এই কথা শুনি তেওঁৰ খং উঠাত তেওঁ শিশুটোৰ মূৰটো বাওঁহাতেৰে ধৰি ডিঙিত ব্লেডেৰে ৰেপি দিয়ে ৷ তাৰ পিচতে তেওঁ কন্যাৰ মৃতদেহটো কোনো নিৰ্জন ঠাইত পেলাই, নিজেও আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিল ৷

সেই উদ্দেশ্যে অভিযুক্ত পিতৃয়ে তেওঁৰ কন্যাৰ মৃতদেহ গাড়ীৰ পিছ চিটত লৈ আউটাৰ ৰিং ৰোডলৈ গৈছিল ৷ তেওঁ আন্ধাৰ হোৱালৈ বাট চাইছিল, কিন্তু তেনেকুৱাতে তেওঁৰ গাড়ীখনৰ টায়াৰ ফাটি গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰিলে ৷ লগে লগে স্থানীয় লোকে সেই ঠাইত উপস্থিত হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু গাড়ীখনত শিশুটোৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে অভিযুক্ত পিতৃ চন্দ্ৰশেখৰক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক: Road Mishap: যাত্ৰীবাহী বাছ খাৱৈত পৰি 7 জনৰ মৃত্যু; 22 গৰাকী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.