ETV Bharat / bharat

ক'ভিড-১৯য়ে হৃদযন্ত্ৰক কেনেদৰে প্ৰভাৱিত কৰে ?

author img

By

Published : Jun 24, 2021, 3:28 PM IST

ক'ভিড-১৯(Covid-19)ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশ তথা বিশ্বতে কালৰূপ ধাৰণ কৰিছে । লাখ লাখ লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ত । কৰ'ণা মহামাৰীৰ কবলৰ পৰা মুক্ত হোৱাৰ পাছতো বহু ৰোগীয়ে ভাগৰ লগা, বুকুৰ বিষ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আদিত ভূগিছে । এই সন্দৰ্ভত গোৱাৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ মহেন্দ্ৰ কাৰেই ই টিভি ভাৰতৰ সাংবাদিকৰ আগত কি মতামত আগবঢ়াইছে জানো আঁহক ।

Covid 19 affects
হৃদযন্ত্ৰত ক'ভিডৰ প্ৰভাৱ

নেশ্যনেল ডেস্ক, ২৪ জুন: ক'ভিড-১৯ মহামাৰীসৃষ্ট পৰিস্থিতিয়ে অধিকাংশ ৰোগীকে মানসিকভাৱে দুৰ্বল কৰা পৰিলক্ষিত হৈছে । এফালে মহমাৰীত আক্ৰান্ত হোৱাৰ পিছতে পৰিয়ালৰ পৰা আঁতৰত থকাৰ দুখ আৰু আনফালে, মহামাৰীৰ সংক্ৰমণে হাওঁফাওঁক প্ৰভাৱিক কৰাক লৈ চিন্তা । গোৱাৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ মহেন্দ্ৰ কাৰেই ই টিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, হৃদযন্ত্ৰৰ সমস্যা হোৱা বুলি জানিব পাৰিলেই ৰোগী বিচলিত হৈ পৰে ।

অধিকাংশ লোকৰে ধাৰণা থাকে যে কৰ'ণা ভাইৰাছে কেৱল হাওঁফাওঁকহে প্ৰভাৱিত কৰে । কিন্তু ভাইৰাছে ৰিচেপ্টৰৰ ফলত শৰীৰৰ আন অংগবোৰো সংক্ৰমিত কৰে । ৰিচেপ্টৰ হৈছে এনে এটা স্থান, য'ত ভাইৰাছে নিজকে শৰীৰৰ কোষৰ সৈতে সংলগ্ন কৰে । কৰ'ণা ভাইৰাছে নিজকে এ চি ই ২ ৰিচেপ্টৰ(ACE 2 receptor)ৰ সৈতে সংলগ্ন কৰে ।

এই ৰিচেপ্টৰবোৰ হৃদযন্ত্ৰত প্ৰচুৰ পৰিমাণে থাকে আৰু সেয়ে ক'ভিডৰ সংক্ৰমণে হৃদযন্ত্ৰক প্ৰভাৱিত কৰিব পাৰে । সহজ ভাষাত ক'বলৈ গ'লে, ক'ভিডে প্ৰভাৱিত কৰিব পাৰে । ভাইৰাছে হৃদযন্ত্ৰৰ পাম্পিং কাৰ্য, হৃদযন্ত্ৰৰ আৱৰণ প্ৰভাৱিত কৰিব পাৰে অথবা হৃদযন্ত্ৰই তেজ লাভ কৰা পাইপ লাইন প্ৰভাৱিত কৰিব পাৰে ।

যেতিয়া মাংসপেশীবোৰ প্ৰভাৱিত হয় তেতিয়া হৃদযন্ত্ৰৰ পাম্পিং কাৰ্য অৱনমিত হয় । যদি পাম্প দুৰ্বল হয় তেন্তে, শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগিবলগীয়া হয় । ভাইৰাছে পোনপটীয়াকৈ হৃদযন্ত্ৰৰ মায়োকাৰ্ডাইটিছ অৰ্থাৎ পেশীবোৰ আক্ৰমণ কৰে আৰু সেইবোৰ ধ্বংস কৰে । ৰোগ প্ৰতিৰোধী কোষবোৰ যেতিয়া কৰ'ণা ভাইৰাছ কোষ বিচাৰি হৃদযন্ত্ৰলৈ আহে তেতিয়া কৰ'ণা ভাইৰাছ কোষবোৰ লুকাই থকা পেশীবোৰক আক্ৰমণ কৰা আৰম্ভ কৰে ।

এই সকলোবোৰ হৃদযন্ত্ৰত সংঘটিত হয় বাবে হৃদযন্ত্ৰৰ পেশীবোৰ দুৰ্বল হৈ পৰে । ভাইৰাছে হৃদযন্ত্ৰক প্ৰভাৱিত কৰিব পৰা আন উপায়টো হ'ল হৃদযন্ত্ৰৰ আৱৰণক প্ৰভাৱিত কৰা যাক পেৰিকাৰ্ডাইটিছ বুলি কোৱা হয় । কেতিয়াবা হৃদযন্ত্ৰৰ আৱৰণৰ স্তৰৰ মাজত কিছু তৰল সংগ্ৰহ হ'ব পাৰে যাক পেৰিকাৰ্ডিয়েল ইফিউচন বুলি কোৱা হয় । কিন্তু সাধাৰণতে এনে ঘটনা দেখিবলৈ পোৱা নাযায় ।

তৃতীয় উপায়টো হৈছে যে, কৰ'ণা ভাইৰাছে হৃদযন্ত্ৰলৈ যোৱা তেজৰ প্ৰবাহ অৱৰোধ কৰিব পাৰে । যেতিয়া তেজৰ প্ৰবাহ অৱৰোধিত হয়, তেতিয়া হাৰ্ট এটেক হোৱা বুলি কোৱা হয় । ভাইৰাছে হৃদযন্ত্ৰ প্ৰভাৱিত কৰিলে হৃদযন্ত্ৰলৈ তেজৰ যোগান হ্ৰাস হয় আৰু বুকুৰ বিষ হয় । ৰোগীয়ে শ্বাস-প্ৰশ্বাসৰ সমস্যাতো ভূগিব পাৰে ।

লগতে পঢ়ক:আজিৰ আকাশত দৃশ্যমান হ'ব 'Strawberry Moon'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.