ETV Bharat / bharat

হাৰিয়ানাত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক চাৰি সৰবৰাহকাৰী

author img

By

Published : Sep 4, 2022, 3:11 PM IST

হাৰিয়ানাৰ আম্বালা আৰক্ষীয়ে হেৰ’ইনসহ আটক কৰে চাৰি সৰবৰাহকাৰীক (Heroin seized in Ambala) ৷ সৰবাৰহকাৰীকেইটাৰ পৰা জব্দ প্ৰায় ৫ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন । আনহাতে গুজৰাট এ টি এছে দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলৰ পৰা নিচাজাতীয় দ্ৰব্যসহ আটক কৰে এজনক ৷

1 kg heroin worth Rs 5 crore recovered from 4 persons in Ambala
হাৰিয়ানাত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক চাৰি সৰবৰাহকাৰী

নেশ্যনেল ডেস্ক, 4 চেপ্টেম্বৰ: হাৰিয়ানাত আম্বালা আৰক্ষীৰ বৃহৎ সাফল্য (Ambala police operation against Drugs) ৷ বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক চাৰি সৰবৰাহকাৰী ৷ গোপন তথ্যৰ ভিত্তিত আম্বালা আৰক্ষীৰ পৰিদৰ্শক সন্দীপৰ নেতৃত্বত পৰৱ থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে চাৰি অভিযুক্তক (Heroin seized in Ambala)।

জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৫ কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ আনহাতে আটকাধীন চাৰি সৰবৰাহকাৰী ক্ৰমে আনোৱাৰ হাবিব, বাহনৰ চালক ৰাজবীৰ, অঞ্জলী আৰু ৰেখা বুলি চিনাক্ত কৰা হৈছে (Heroin recovered)।

আৰক্ষী অধীক্ষক যশনদীপ সিং ৰান্ধোৱাই জনোৱা মতে, আটকাধীন আনোৱাৰৰ পৰা ৪০০ গ্ৰাম হেৰ’ইন, ৰেখাৰ পৰা ৩০০ গ্ৰাম আৰু অঞ্জলিৰ পৰা ৩০০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিছে আৰক্ষীয়ে । তেওঁ লগতে কয়, আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দ কৰা মাদক দ্ৰব্যৰ মূল্য প্ৰায় ৫ কোটি টকাৰো অধিক হ’ব ।

আটকাধীন সৰবৰাহকাৰীৰ পৰা সমগ্ৰ নেটৱৰ্ক ট্ৰেচ কৰিবলৈ ৩ দিনৰ পুলিচ ৰিমাণ্ডত ৰখা হৈছে বুলি জনায় । সৰবৰাহকাৰীকেইটা পূৰ্বেও বহু অপৰাধত লিপ্ত হৈ আছে বুলিও জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে (Heroin worth 5 crore recovered from 4 persons in Ambala) ৷

আনহাতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আন এক সফলতা লাভ কৰিছে গুজৰাট এ টি এছে (Gujarat ATS got success in catching drugs)। চুৰাট ক্ৰাইম ব্ৰাঞ্চে এই বিষয়ে তথ্য প্ৰদান কৰে গুজৰাট এ টি এছক (Surat Crime Branch)। তথ্যৰ ভিত্তিত অভিযান চলাই দিল্লীৰ বসন্তকুঞ্জ অঞ্চলৰ পৰা নিচাজাতীয় দ্ৰব্যসহ আটক কৰে এজনক ৷

আটকাধীন সৰবৰাহকাৰীটো ৱাদিউল্লাহ ৰহিমুল্লাহ নামৰ এজন আফগান নাগৰিকক বুলি জানিব পৰা গৈছে ৷ আনহাতে অভিযানকালত জব্দ কৰিছে ৪ কিলোগ্ৰাম নিচাযুক্ত দ্ৰব্য ৷ ইয়াৰ আনুমানিক বজাৰ মূল্য ২০ কোটি টকা হ’ব বুলি জানিব দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: কলিয়াবৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.