ETV Bharat / bharat

Dark Circle Home Remedies: ডাৰ্ক চাৰ্কলে হ্ৰাস কৰিছে নেকি সৌন্দৰ্যতা ? তেন্তে অনুসৰণ কৰক এই ঘৰুৱা পদ্ধতি - Dark Circle Home Remedies

চকুৰ চাৰিওফালে দেখা দিয়া ক’লা দাগক ডাৰ্ক চাৰ্কল বোলা হয়, যাৰ বাবে চকু দুটা ভাগৰুৱা দেখাবলৈ আৰম্ভ কৰে, এনে পৰিস্থিতিত আপুনি ইয়াৰ স্থায়ী সমাধানৰ কথা চিন্তা কৰিব লাগে ।

Have dark circles spoiled the beauty of your face? Get rid of these remedies soon
ডাৰ্ক চাৰ্কলে হ্ৰাস কৰিছে নেকি সৌন্দৰ্যতা ? তেন্তে অনুসৰণ কৰক এই ঘৰুৱা পদ্ধতি
author img

By

Published : May 20, 2023, 6:35 PM IST

চকুৰ চাৰিওফালে ডাৰ্ক চাৰ্কল থকাটো এটা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নেকি? আচলতে তেনেকুৱা একো নহয়, কিন্তু বহুতে অনুভৱ কৰে যে তেওঁলোকৰ ডাৰ্ক চাৰ্কলই তেওঁলোকক ভাগৰুৱা, বয়সীয়াল বা অস্বাস্থ্যকৰ যেন লাগে । ইয়াৰ বাবেই মুখৰ সৌন্দৰ্যতা নষ্ট হৈ পৰে । ছালৰ ৰং উজ্জ্বল হোৱা মানুহৰ গাঢ় ডাৰ্ক চাৰ্কল বেছি দেখা যায় । যদিও ইয়াৰ পৰা মুক্তি পোৱাৰ বহু উপায় আছে, কিন্তু সাধাৰণতে স্বাস্থ্য বিশেষজ্ঞসকলে অধিক প্ৰাকৃতিক সমাধানৰ পৰামৰ্শ দিয়ে, আহকচোন সেইবোৰ চাওঁ ।

ডাৰ্ক চাৰ্কলৰ বাবে স্থায়ী সমাধান

১/ টোপনিৰ অভাৱ

ভাগৰ আৰু টোপনিৰ অভাৱৰ বাবে চকুৰ তলত ডাৰ্ক চাৰ্কল হ’ব পাৰে । ইয়াৰ উপৰিও ই আপোনাৰ মুখৰ ছালখন হালধীয়া কৰি তুলিব পাৰে, যাৰ বাবে আপোনাৰ ডাৰ্ক চাৰ্কলবোৰ ক’লা দেখাব পাৰে (Dark Circles Under Eyes)। নিশ্চিত হওক যে আপুনি প্ৰতি নিশা সাতৰ পৰা আঠ ঘণ্টা টোপনি গ্ৰহণ কৰিছে কাৰণ ইয়াৰ অবিহনে আপুনি সুস্বাস্থ্যৰ আশা কৰিব নোৱাৰে (Treatment Of Dark Circles )৷

২/ ৰ’দৰ পৰা সুৰক্ষা

আমাৰ স্বাস্থ্যৰ বাবেও অলপ সূৰ্যৰ পোহৰ প্ৰয়োজনীয় কাৰণ ইয়াৰ যোগেদি শৰীৰে ভিটামিন ডি লাভ কৰে, কিন্তু প্ৰয়োজনতকৈ যদি অধিক প্ৰত্যক্ষ সূৰ্যৰ পোহৰ মুখমণ্ডলত পৰে, যাৰ ফলত টেনিঙৰ বাহিৰেও ই ডাৰ্ক চাৰ্কলৰ সৃষ্টি কৰিব পাৰে (How To Get Rid Of Dark Circles Permanently)।

৩/ তিয়ঁহ

ডাঠ আৰু ঠাণ্ডা তিয়ঁহ কাটি ডাৰ্ক চাৰ্কলৰ বাবে প্ৰাকৃতিক চিকিৎসাৰ কোঠাত যথেষ্ট উপযোগী হ’ব পাৰে । ইয়াৰ বাবে কটা তিয়ঁহখিনি ডাৰ্ক চাৰ্কলৰ ওপৰত ১০ মিনিট ৰাখি তাৰ পিচত আক্ৰান্ত অংশ পৰিষ্কাৰ পানীৰে ধুব লাগে ।

৪/ টী বেগ

টী বেগৰ জৰিয়তেও ডাৰ্ক চাৰ্কল আঁতৰাব পাৰি । ইয়াৰ বাবে প্ৰথমে কেফেইনযুক্ত চাহৰ মোনা গৰম পানীত ৰাখি তাৰ পিচত কিছু সময় ফ্ৰীজত থৈ ঠাণ্ডা কৰিব লাগে । এতিয়া ফ্ৰীজৰ পৰা উলিয়াই দুয়োটা চাহৰ বেগ বেলেগ বেলেগ চকুত ৰাখক । ৫ মিনিটমান পিচত চাহৰ মোনাবোৰ উলিয়াই তাৰ পিচত আক্ৰান্ত ঠাইখিনি ঠাণ্ডা পানীৰে ধুব ।

লগতে পঢ়ক: Lemon water benefits: নেমু চৰবত সেৱন কৰি লাভ কৰক এইসমূহ স্বাস্থ্য উপকাৰিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.