চিটাৰা ডেস্ক, 13 ডিচেম্বৰ : ইজৰাইলত অনুষ্ঠিত হৈছিল এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিত পাৰাগুৱেৰ নাডিয়া ফেৰিৰা (Nadia Ferreira) ই প্ৰথম ৰাণাৰ্ছ আপ আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মচৱানে (Lalela Mswane) দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰে ৷
13 ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দৰ্শকৰ লগতে বিচাৰকসকলৰো দৃষ্টি আকৰ্ষণ কৰে ভাৰতৰ হৰনাজ সন্ধুয়ে ৷ Beauty Peagent টোত বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলাই বিচাৰকৰ আসন শুৱনি কৰিছিল ৷ প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত Top 3 ৰ প্ৰতিযোগীলৈ বিচাৰকৰ ফালৰ পৰা সোধা বিশেষ এটা প্ৰশ্নৰ উত্তৰত হৰনাজে নিজৰ বুদ্ধিমত্তাৰে সকলোকে আপ্লুত কৰে ৷
বিচাৰকৰ বিশেষ প্ৰশ্নটো আছিল, "আপুনি মানসিক চাপৰ সৈতে মোকাবিলা কৰি থকা মহিলাসকলক কি পৰামৰ্শ দিব ?"
উত্তৰত হৰনাজ সন্ধুৱে কয়, "আপুনি এইটো বিশ্বাস কৰিব লাগিব যে আপুনি সবাতোকৈ পৃথক আৰু এই বিশ্বাসেই আপোনাক অধিক ধুনীয়া আৰু আনতকৈ পৃথক কৰি তুলিব ৷ সেইবাবে বাহিৰলৈ ওলাই আহক, মুকলিকৈ কথা কওক ৷ কিয়নো আপুনিয়েই আপোনাৰ জীৱনৰ একমাত্ৰ লীডাৰ" ৷
উল্লেখনীয় যে, Miss Universe Crown পৰিহিত হৰনাজ সন্ধু ভাৰতৰ তৃতীয়গৰাকী কন্যা ৷ ইয়াৰ পূৰ্বে 1994 ত সুস্মিতা সেন আৰু 2000 বৰ্ষত লাৰা দত্তই মিছ ইউনিভাৰ্ছৰ খিতাপ আঁজুৰি আনিছিল ৷
চণ্ডীগড়ৰ বাসিন্দা হৰনাজ এগৰাকী পেচাগত মডেল ৷ 21 বছৰীয়া হৰনাজে মডেলিঙৰ লগতে পঢ়া-শুনাও সমান্তৰালকৈ অব্যাহত ৰাখিছে ৷ 2017 চনত 'Miss Chandigarh' ৰ খিতাপ দাখিল কৰিছিল হৰনাজে ৷ তাৰ পিছত 'Miss Max Emerging Star India' ৰ খিতাপো অৰ্জন কৰে হৰনাজ সন্ধুৱে ৷ 2019 বৰ্ষত 'Miss India' প্ৰতিযোগিতাত Top 12 ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল হৰনাজ সন্ধুৱে ৷ তাৰপিছত ক্ৰমাগতভাৱে সফল যাত্ৰা অব্যাহত আছিল হৰনাজৰ ৷
'यारा दियां पू बारां' আৰু 'बाई जी कुट्टांगे' নামেৰে দুখনকৈ পঞ্জাৱী ছবিতো অভিনয় কৰিছে ভাৰতৰ তৃতীয় গৰাকী মিছ ইউনিভাৰ্ছে ৷
লগতে পঢ়ক : প্ৰেমিক বিকি জৈনৰ সৈতে ৰোমাণ্টিক ফটো শ্বেয়াৰ অংকিতা লোখণ্ডেৰ