ETV Bharat / bharat

Hanuman Chalisa in Braille script: দৃষ্টিহীন দিব্যাংগৰ বাবে প্ৰস্তুত হনুমান চালিছা - Shubhangi Apte of Raipur printed Hanuman Chalisa

ৰামায়ণৰ দৰেই এতিয়াৰে পৰা ব্ৰেইল লিপিত উপলব্ধ হ’ব হনুমান চালিছা ৷ ৰায়পুৰৰ এগৰাকী 67 বৰ্ষীয় মহিলা শুভাংগী আপ্তেয়ে ব্ৰেইল লিপিত ছপা কৰি উলিয়াইছে হনুমান চালিছা (Shubhangi Apte of Raipur printed Hanuman Chalisa) ৷ এতিয়াৰে পৰা দৃষ্টিহীন দিব্যাংগই অধ্যয়ন কৰিব পাৰিব হনুমান চালিছা (Hanuman Chalisa in Braille script)৷

Hanuman Chalisa in Braille script
Hanuman Chalisa in Braille script
author img

By

Published : May 3, 2022, 7:36 PM IST

নিউজ ডেস্ক, 3 মে’: এতিয়ালৈকে আপোনালোকে ব্ৰেইল লিপিত কেৱল ৰামায়ণ অধ্যয়ন কৰা দৃষ্টিহীন দিব্যাংগ দেখিছে ৷ কিন্তু এতিয়াৰ পৰা এইসকল দিব্যাংগই অধ্যন কৰিব পাৰিব হনুমান চালিশা (Hanuman Chalisa in Braille script)৷ ৰামায়ণৰ দৰেই এতিয়াৰে পৰা ব্ৰেল লিপিত উপলব্ধ হ’ব হনুমান চালিছা ৷ ৰায়পুৰৰ এগৰাকী 67 বৰ্ষীয় মহিলা শুভাংগী আপ্তেয়ে ব্ৰেল লিপিত ছপা কৰি উলিয়াইছে হনুমান চালিছা (Shubhangi Apte of Raipur printed Hanuman Chalisa) ৷ অতিশীঘ্ৰেই উন্মোচন কৰা হ’ব এই হনুমান চালিছা ৷ ইয়াৰ পাছত দিব্যাংগ সকলক বিনামূলীয়াকৈ এই হনুমান চালিছা বিতৰণ কৰা হ’ব ৷

ইটিভি ভাৰতৰ সৈতে হোৱা সক্ষাৎকাৰত আপ্তেয়ে কয় যে, ‘‘আমি সদায় হনুমান চালিছা পাঠ কৰোঁ ৷ মানুহে কয় যে, যিকোনো ভাল কামৰ বিষয়ে হঠাৎ মনলৈ আহে ৷ আমি হনুমান চালিছা পাঠ কৰি থাকোঁতে মোৰ মনলৈ প্ৰশ্ন আহে যে, ব্ৰেইল লিপিত হনুমান চালিছা আছে নে নাই ৷ যিহেতু মই নাগপুৰৰ পৰা কিতাপ ছপা কৰোঁ, মই তেওঁলোকৰ সৈতে ফোনযোগে এই সম্পৰ্কে কথা পাতোঁ ৷ তেওঁলোকৰ পৰা জানিব বিচাৰোঁ যে, ব্ৰেইল লিপিত হনুমান চালিছা আছে নে নাই ৷ তেওঁলোকে মোক জনায় যে, বৰ্তমানলৈকে এইধৰণে হনুমান চালিছা চপোৱা হোৱা নাই’’ (Hanuman Chalisa printed in Braille script for blind) ৷

আপ্তেয়ে লগতে কয় যে, ‘‘মই তেওঁলোকক ব্ৰেইল লিপিত হনুমান চালিছা প্ৰকাশৰ মোৰ ইচ্ছাৰ কথা ব্যক্ত কৰোঁ ৷ এতিয়া ইয়াক কাকতালীয় বা আন যি বুলিয়েই কয় মই নাজানো । কাৰণ ৰাম নৱমী আৰু হনুমান জয়ন্তীৰ মাজতে মোৰ এই পৰিকল্পনা সম্পূৰ্ণ হৈছিল । তাৰ পাচতেই মোৰ হাতত কিতাপখনৰ পাণ্ডুলিপি আহি পৰে আৰু বৰ্তমান মোৰ হাতত বহু কেইখন কিতাপ আছে’’ ৷

এই হনুমান চালিছা সমূহ দৃষ্টিহীন দিব্যাংগৰ কাষলৈ কেনেদৰে লৈ যোৱা হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আপ্তেয়ে কয় যে, যিমানবোৰ অন্ধ বিদ্যালয় আছে, সেই সমূহলৈ গৈ দিব্যাংগ সকলক এই কিতাপ প্ৰদান কৰা হ’ব ৷ তাৰোপৰি মুম্বাইৰ পৰা দৃষ্টিহীন দিব্যাগৰ বাবে প্ৰকাশিত ৰিলায়েন্সৰ পত্ৰিকাত আপ্তেৰ ফোন নম্বৰ দিয়া হৈছে ৷ তেওঁলোকক আপ্তেৰ ওচৰত ব্ৰেইল লিপিৰ হনুমান চালিছা থকাৰ তথ্য প্ৰচাৰৰ বাবে আহ্বান জনোৱা হ’ব বুলি উল্লেখ কৰে মহিলাগৰাকীয়ে ৷ যি সকলে যোগাযোগ কৰিব, তেওঁলোকক বিনামূলীয়াকৈ হনুমান চালিছা প্ৰদান কৰা হ’ব ৷

হনুমান চালিছা ব্ৰেইল লিপিত প্ৰকাশ কৰাৰ উদ্দেশ্য সন্দৰ্ভত শুভাংগী আপ্তেয়ে কয় যে, ‘‘মই বিগত প্ৰায় পাঁচ বছৰ ধৰি দৃষ্টিহীন দিব্যাংগৰ বাবে কাম কৰি আছো ৷ তেওঁলোকৰ সৈতে কাম কৰি মই সন্তুষ্টি লাভ কৰো ৷ এই কথা মানিব লাগিব যে, এই সমূহ ছাত্ৰ-ছাত্ৰী আমাতকৈ অধিক প্ৰতিভাশালী ৷ শিকাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ যথেষ্ট বেছি ৷ মই এগৰাকী দৃষ্টিহীন ছাত্ৰীক হনুমান চালিছা পঢ়াইছিলো ৷ তেওঁ সুন্দৰভাৱে অধ্যয়ন কৰিছিল আৰু এই একাগ্ৰতাই মোক অনুপ্ৰাণিত কৰিছিল’’ ৷

লগতে পঢ়ক : পুৰণি স্কুটাৰত বহিবলৈ আপত্তি কৰা পত্নীৰ বাবেই আক্ৰামে সাজি উলিয়ালে Super Scooter

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.