ETV Bharat / bharat

Death of Rani: ডেৰাডুন পক্ষীগৃহৰ জনপ্ৰিয় পক্ষী ৰাণীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 9:08 AM IST

ডেৰাডুন পক্ষীগৃহৰ অন্যতম চিনাকি নাম ৰাণী ৷ শুকুৰবাৰে ডেৰাডুনবাসীক কন্দুৱাই 23 বছৰ বয়ত ইহ সংসাৰৰ পৰা মেলানি মাগে ৰাণীয়ে ৷

ডেৰাডুন পক্ষীগৃহৰ জনপ্ৰিয় পক্ষী ৰাণীৰ মৃত্যু

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ : কিছু জন্তু তথা পশু-পক্ষী এটা বিশেষ অঞ্চল অথবা বিশেষ প্ৰতিষ্ঠানৰ বাবে পৰিচয়স্বৰূপ হৈ পৰে ৷ ঠিক সেইদৰে ডেৰাডুন পক্ষীগৃহৰ অন্যতম চিনাকি নাম আছিল ৰাণী ৷ শুকুৰবাৰে ডেৰাডুনবাসীক কন্দুৱাই ইহ সংসাৰৰ পৰা মেলানি মাগে ৰাণীয়ে ৷ আজিৰ পৰা 25 বছৰৰ পূৰ্বে ডেৰাডুন পক্ষীগৃহলৈ অনা হৈছিল ৰাণীক ৷ তেতিয়াৰ পৰাই পৰ্যটকৰ অন্যতন আকৰ্ষণ আছিল ৰাণী ৷ ৰাণীৰ বিয়োগত পৰ্যটকসকলেও শোক প্ৰকাশ কৰিছে ৷

ডেৰাডুন চিৰিয়াখানাৰ স্থাপনৰ প্ৰায় কেইমাহমানৰ পিচতে 2001 চনৰ আৰম্ভণিতে প্ৰায় 2 ৰ পৰা 3 মাহ বয়সত ৰাণীক পক্ষীঘৰলৈ অনা হৈছিল ৷ তাৰ পিচতে পক্ষীটো ৰাণী নামেৰে নামকৰণ কৰা হৈছিল ৷ ৰাণীক বন বিভাগৰ কৰ্মীয়ে টহল দি থাকোঁতেই লেন্সডাউন বিভাগৰ পৰা উদ্ধাৰ কৰিছিল ৷ ইয়াৰ পিছত, ৰাণীক ডেৰাডুনৰ চিৰিয়াখানালৈ পঠোৱাৰ সিদ্ধান্ত লৈছিল ৷ তেতিয়াৰ পৰা ৰাণীৰ সৌন্দৰ্যই চিৰিয়াখানা আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷ মৃত্যুৰ সময়ত ৰাণীৰ বয়স আছিল 23 বছৰ ৷

আনহাতে, ডেৰাডুন চিৰিয়াখানাৰ অন্যতম আকৰ্ষণ আছিল গুলদাৰ নামৰ এটা বাঘ ৷ ৰাণীক চিৰিয়াখানালৈ অনাৰ প্ৰায় 7 বছৰৰ পিচত গুলদাৰ ৰাজাক আঘাতপ্ৰাপ্ত অৱস্থাত চিৰিয়াখানালৈ লৈ অনা হৈছিল ৷ চিৰিয়াখানাত বাঘটোক ৰাজা নামেৰে নামকৰণ কৰা হৈছে ৷ চিৰিয়াখানাখনত ৰাজা আৰু ৰাণীৰ যুতি জনপ্ৰিয় যুতি আছিল ৷

উল্লেখ্য যে, ডেৰাডুন চিৰিয়াখানালৈ প্ৰতিদিনে শ শ পৰ্যটকৰ আগমন হয় ৷ 1976 চনত ডেৰাডুন চিৰিয়াখানাৰ স্থাপন কৰা হৈছিল ৷ পাৰ্কখনক পূৰ্বে মালচি ডিয়েৰ পাৰ্ক বুলিও জনা গৈছিল ৷ আৰম্ভণিতে চিৰিয়াখানাখন 3 টা সুগৰী পহু, 1 গোৰাল, 2 বাৰ্কিং ডিয়েৰ, 3 মটৰ ফাউল আৰু 5 বজৰিগাৰৰ সৈতে প্ৰতিষ্ঠা কৰা হৈছিল ৷

লগতে পঢ়ক: IED blasts in Chaibasa : চাইবাছাত আইইডি বিস্ফোৰণ, এগৰাকী জোৱান শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.