ETV Bharat / bharat

Asaram Bapu convicted in rape case: ধৰ্ষণকাৰী আশাৰাম বাপুক পুনৰ দোষী সাব্যস্ত আদালতৰ

author img

By

Published : Jan 30, 2023, 10:59 PM IST

ধৰ্ষণৰ গোচৰত পুনৰ দোষী সাব্যস্ত হ’ল গুজৰাটৰ স্বয়ম্ভূ ভগৱান আশাৰাম বাপু ৷ 2013 চনৰ এক গোচৰৰ ভিত্তিত দোষী সাব্যস্ত কৰা হয় আশাৰাম বাপুক ৷ 2001 চনৰ পৰা 2006 চনলৈ এগৰাকী মহিলাক আশ্ৰমত বন্দী কৰি ৰাখি ধৰ্ষণ কৰিছিল আশাৰাম বাপুৱে (Asaram Bapu convicted in rape case) ৷

Asaram Bapu convicted in rape case
ধৰ্ষণকাৰী আশাৰাম বাপুক পুনৰ দোষী সাব্যস্ত আদালতৰ

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: গুজৰাটৰ স্বয়ম্ভূ গৱান আশাৰাম বাপুক (Asaram rape case) ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত গুজৰাটৰ এখন আদালতৰ ৷ 2013 চনত আশাৰাম বাপুৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ অৱশ্যে প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰা হয় আশাৰামৰ পত্নীকে ধৰি আন ছযজন অভিযুক্তক ৷

আহমেদাবাদৰ চান্দখেড়া আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰ অনুসৰি, আশাৰাম বাপুৱে 2001 চনৰ পৰা 2006 চনলৈ ধাৰাবাহিকভাৱে এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল ৷ এখন আশ্ৰমত এই কু-কাৰ্য সংঘটিত কৰিছিল নিজকে ভগৱান বুলি দাবী কৰা আশাৰাম বাপুৱে ৷ অৱশেষত দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় দণ্ড বিধিৰ 376 2(C) আৰু 377 ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে আদালতে (Asaram Bapu convicted for rape) ৷

বৰ্তমান যোধপুৰৰ কাৰাগাৰত আন এটা ধৰ্ষণৰ গোচৰত বন্দী হৈ আছে আশাৰাম বাপু (Asaram rape case) ৷ চুৰাটৰ এগৰাকী মহিলাই 2013 চনৰ অক্টোবৰত আশাৰাম বাপুৰ লগতে আন সাতজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু বন্দী কৰি ৰখাৰ গোচৰ ৰুজু কৰিছিল ৷ ইয়াৰ ভিতৰত এগৰাকী অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত তথাৰ সময়তে মৃত্যু হয় (Asaram raped girl) ৷

আশাৰামক ইতিমধ্যেই দুটা পৃথক যৌন অপৰাধৰ গোচৰত আজীৱন কাৰাদণ্ড বিহা হৈছে আৰু 2018 চনৰ পৰা যোধপুৰৰ এখন কাৰাগাৰত বন্দী হৈ আছে (Self styled godman Asaram) ৷ 2013 চনতেই আশাৰাম বাপুক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 2018 চনৰ এপ্ৰিল মাহত যোধপুৰৰ এখন আদালতে লম্পটোক এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ বাবে দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল ।

তেওঁৰ দুই সহযোগীক একেটা গোচৰতে 20 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে আদালতে । কিশোৰীগৰাকীৰ অভিযোগত অনুসৰি, আশাৰামে তেওঁক যোধপুৰৰ ওচৰৰ মানাই অঞ্চলৰ তেওঁৰ আশ্ৰমলৈ মাতিছিল আৰু 2013 চনৰ 15 আগষ্টৰ নিশা ধৰ্ষণ কৰিছিল ।

লগতে পঢ়ক: Odisha Minister Assassination: সম্পন্ন হ’ল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ শেষকৃত্য; ৰহস্যৰ আৱৰ্তত হত্যাকাণ্ডৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.