ETV Bharat / bharat

ই-কমাৰ্চ খণ্ড আৰু প্ৰবাসী শ্ৰমিকৰ বাবে মুকলি হ‘ব বিশেষ পৰ্টেল - এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড

2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেটত ই-কমাৰ্চ খণ্ডৰে জড়িত তথা প্ৰবাসী শ্ৰমিকসকলৰ বাবেও বিশেষ ব্যৱস্থা ঘোষণা কৰা হৈছে ৷ প্ৰবাসী শ্ৰমিক তথা ই-কমাৰ্চেৰে জড়িত শ্ৰমিক সকলৰ তথ্য সংগ্ৰহ কৰিবলৈ বিশেষ পৰ্টেল মুকলি কৰাৰ প্ৰস্তাব আগবঢ়ায় বিত্তমন্ত্ৰীয়ে ৷

govt moots to extend social security benefits to gig and platform workers.
ই-কমাৰ্চ খণ্ড আৰু প্ৰবাসী শ্ৰমিকৰ বাবে মুকলি হ‘ব বিশেষ পৰ্টেল
author img

By

Published : Feb 1, 2021, 8:22 PM IST

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : সোমবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট ৷ ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা বাজেটত দেশৰ বিভিন্ন বিভাগৰ উন্নয়ন,নতুন আঁচনি মুকলিৰ কথা ঘোষণা কৰিলে ৷ প্ৰতিখন ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবেও বিশেষ পেকেজৰ কথা ঘোষণা কৰিছে বাজেটত ৷

আজিৰ বাজেটত ই-কমাৰ্চ খণ্ডৰে জড়িত তথা প্ৰবাসী শ্ৰমিকসকলৰ বাবেও বিশেষ ব্যৱস্থা ঘোষণা কৰা হৈছে ৷ প্ৰবাসী শ্ৰমিক তথা ই-কমাৰ্চেৰে জড়িত শ্ৰমিক সকলৰ তথ্য সংগ্ৰহ কৰিবলৈ বিশেষ পৰ্টেল মুকলি কৰাৰ প্ৰস্তাব আগবঢ়ায় বিত্তমন্ত্ৰীয়ে ৷ এই পৰ্টেলৰ জৰিয়তে শ্ৰমিকৰ বাবে স্বাস্থ্য, গৃহ, দক্ষতা, বীমা, ঋণ আৰু খাদ্য আদিৰ আঁচনি প্ৰস্তুত কৰাত সহায় হ‘ব বুলি কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ।

এই সন্দৰ্ভত নিৰ্মলা সীতাৰমণে কয় যে, "আমি এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি আৰম্ভ কৰিছো যাৰ জৰিয়তে হিতাধিকাৰীসকলে দেশৰ যিকোনো স্থানত তেওঁলোকৰ ৰেচন দাবী কৰিব পাৰে । এই আঁচনিৰ পৰা বিশেষভাৱে প্ৰবাসী শ্ৰমিকসকল লাভান্বিত হ‘ব ৷ যিসকলে তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰত থাকে তেওঁলোকে অৱস্থিত থকা ঠাইত আংশিকভাৱে তেওঁলোকৰ ৰেচন দাবী কৰিব পাৰে ৷ আনহাতে তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ স্থানীয় স্থানত বাকীখিনি ৰেচন দাবী কৰিব পাৰে ।"

তদুপৰি 32 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড পৰিকল্পনা ৰূপায়ণ কৰা হৈছে ৷ ইয়াৰ দ্বাৰা প্ৰায় 69 কোটি হিতাধিকাৰীৰ উপকৃত হ‘ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ CIIৰ অধ্যক্ষ অভিজিত বৰুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.