ETV Bharat / bharat

Girlfriend Cut Boyfriend Private Part: শাৰীৰিক সম্পৰ্ক কৰিবলৈ অমান্তি হোৱাৰ বাবে যুৱকৰ গুপ্তাংগ কামুৰি ছিঙিলে প্ৰেমিকাৰ বান্ধৱীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 8:46 PM IST

আজৱ দেশৰ গজৱ কাণ্ড ৷ প্ৰেমিকাৰ কথাত মান্তি নোহোৱাৰ বাবে যুৱকৰ গুপ্তাংগ কামুৰিলে প্ৰেমিকাৰ বান্ধৱীয়ে ৷

Girlfriend Cut Boyfriend Private Part when he Refused Sex with her Friend
প্ৰেমিকাৰ বান্ধৱীৰ সৈতে সম্পৰ্ক কৰিবলৈ মান্তি নোহোৱাৰ বাবে যুৱকৰ গুপ্তাংগ কামুৰি ছিঙিলে

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ : প্ৰেমে কাল মাতিলে এজন যুৱকৰ জীৱনলৈ ৷ প্ৰেমিকাৰ কথাত মান্তি নোহোৱাৰ বাবে যুৱকৰ গুপ্তাংগ কামুৰিলে প্ৰেমিকাৰ বান্ধৱীয়ে ৷ এই আচৰিত ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত ৷ কানপুৰৰ চৌবেপুৰ ক্ষেত্ৰত এগৰাকী যুৱতীয়ে নিশা প্ৰেমিকক ঘৰলৈ লগ কৰিবলৈ মাতে ৷ তাৰ পিচতে যুৱতীগৰাকীৰ ঘৰত থকা তেওঁৰ বান্ধৱীৰ লগত শাৰীৰিক সম্পৰ্কত লিপ্ত হ’বলৈ জোৰ জবৰদস্তি কৰে ৷ কিন্তু যুৱকজনে প্ৰেমিকাৰ কথাত মান্তি নহয় ৷ ফলত যুৱতীগৰাকীৰ বান্ধৱীয়ে যুৱকজনৰ গুপ্তাংগ উলিয়াই দাঁতেৰে কামুৰি ছিঙি দিয়ে ৷

লগে লগে যুৱকজনে চিঞৰাত গাঁৱৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷ গাঁওবাসীক দেখি যুৱকজনে লাজে অপমানে সেই ঠাইৰ পৰা ঘৰলৈ পলায়ন কৰে ৷

ইফালে যুৱকজনক বিবাহিত আছিল ৷ তেওঁৰ ইতিমধ্যে এগৰাকী পত্নী আছিল ৷ তাৰোপৰি এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল যুৱকজনৰ ৷ এই ঘটনাৰ পিচতে যুৱকজনে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত নিজ বাসগৃহত উপস্থিত হৈ পত্নীক সকলো কথা অৱগত কৰে ৷ ইফালে ৰক্তক্ষৰণ হৈ থকাৰ ফলত যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত লগে লগে যুৱকজনৰ পত্নীয়ে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে যুৱকজনৰ বাসগৃহত উপস্থিত হৈ যুৱকজনক প্ৰথমে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিচতে চৌবেপুৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷ কিন্তু যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক কানপুৰ জিলা হাস্পতাললৈ প্ৰেৰণ কৰে ৷

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত কৰি আছে ৷ ইফালে চৌবেপুৰ আৰক্ষীয়ে কোৱা অনুসৰি প্ৰাথমিক তদন্তত মাৰ পিট হোৱাৰ ঘটনাও পোহৰলৈ আহিছে ৷ এতিয়ালৈ গুপ্তাংগত আঘাত কৰাৰ কোনো তথ্য পোহৰলৈ অহা নাই ৷

লগতে পঢ়ক: Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.