ETV Bharat / bharat

কৰ'ণা দুৰ্যোগ মোডীয়ে সৃষ্টি কৰিছে: ৰাহুল গান্ধী - Modi made disaster

কৰ'ণাৰ শেহতীয়া পৰিস্থিতিক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আক্ৰমণ মোডী চৰকাৰক । এই ভয়ংকৰ পৰিৱেশক মোডীয়ে সৃষ্টি কৰা দুৰ্যোগ আখ্যা ৰাহুল গান্ধীৰ ।

ৰাহুল গান্ধীৰ মতে শেহতীয়া কৰ'ণা দুৰ্যোগ মোডীয়ে সৃষ্টি কৰিছে

author img

By

Published : Apr 17, 2021, 5:38 PM IST

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অতি ভয়ংকৰ ৰূপ লৈছে কৰ'ণা মহামাৰীয়ে । বহু ঠাইৰ হাস্পতালত বিচনা, অক্সিজেন আৰু প্ৰতিষেধকৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে । সকলো অভিলেখ ভংগ কৰি দেশত দৈনিক হিচাপত আক্ৰান্ত হৈছে সৰ্বাধিক ২ লাখ ৩৪ হাজাৰ ৬৯২ গৰাকী লোক । শনিবাৰৰ দিনটোলৈ মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৪৫ লাখ ২৬ হাজাৰ ৬০৯ গৰাকী লোক ।

আনহাতে, চৰকাৰে দেশজুৰি কৰ'ণা প্ৰতিষেধক অভিযান অব্যাহত ৰাখিছে যদিও আক্ৰান্তৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি হোৱাত সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ । বিৰোধী পক্ষই বিভিন্ন ধৰণে সমালোচনা কৰা দেখা গৈছে বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰক । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এইবাৰ আক্ৰামণ মোডী চৰকাৰক । এই ভয়ংকৰ পৰিৱেশক মোডীয়ে সৃষ্টি কৰা দুৰ্যোগ আখ্যা ৰাহুল গান্ধীৰ ।

ৰাহুল গান্ধীৰ মতে শেহতীয়া কৰ'ণা দুৰ্যোগ মোডীয়ে সৃষ্টি কৰিছে
ৰাহুল গান্ধীৰ মতে শেহতীয়া কৰ'ণা দুৰ্যোগ মোডীয়ে সৃষ্টি কৰিছে

শ্মশান আৰু কবৰস্থানত মৃতদেহ ভৰি যোৱা দৃশ্য দেখি ৰাহুল গান্ধীয়ে টুইটযোগে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে মোডী চৰকাৰক । শ্মশান আৰু কবৰস্থানৰ ক্ষেত্ৰত মোডী চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰা বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

ৰাহুল গান্ধীয়ে টুইটত উল্লেখ কৰে যে মোডী চৰকাৰে কেৱল উৎসৱৰ অজুহাত দিয়ে কিন্তু পৰীক্ষা হোৱা নাই, হাস্পতালত বিচনা নাই, ভেণ্টিলেটৰ নাই, অক্সিজেন নাই আৰু প্ৰতিষেধক নাই । এইবোৰৰ কথাত গুৰুত্ব আছে নে প্ৰধানমন্ত্ৰীৰ বুলিও প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে ।

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.