ETV Bharat / bharat

উত্তৰ প্ৰদেশত বিষাক্ত চুলাই সেৱন কৰি মৃত্যু ৪ জনৰ - তিনিগৰাকী আৰক্ষীক নিলন্বন বুলন্দচহৰৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ

বিষাক্ত চুলাই সেৱন কৰাৰ ফলত মৃত্যু হয় উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ চিকান্দাৰবাদৰ জিতগাড়ী গাঁৱৰ চাৰিজন । গুৰুত্বৰ অৱস্থাত চিকিৎসাধীন পাঁচজন । সন্দৰ্ভত বুলন্দচহৰৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকগৰাকীয়ে ভাৰপ্ৰাপ্ত আৰক্ষীসহ তিনিগৰাকী জোৱানক কৰিলে নিলন্বন ৷

উত্তৰ প্ৰদেশত বিষাক্ত চুলাই সেৱন কৰি মৃত্যু ৪ জনৰ

author img

By

Published : Jan 8, 2021, 2:15 PM IST

নিউজ ডেস্ক, ৮ জানুৱাৰী: উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ চিকান্দাৰবাদৰ জিতগাড়ী গাঁৱত বৃহস্পতিবাৰে নিশা বিষাক্ত চুলাই সেৱন কৰাৰ ফলত মৃত্যু হয় চাৰিজনৰ আৰু গুৰুত্বৰ অৱস্থাত চিকিৎসাধীন পাঁচজন । ঘটনা সন্দৰ্ভত বুলন্দচহৰৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকে ভাৰপ্ৰাপ্ত আৰক্ষীসহ তিনিগৰাকী জোৱানক নিলন্বন কৰে । কিয়নো গাঁওখনত দীৰ্ঘদিনৰে পৰা অবৈধ চুলাই মদৰ ঘাটি চলি অহাত আৰক্ষীৰ নিস্ক্ৰীয় ভূমিকা পৰলক্ষিত হয় । যাৰবাবে তিনিগৰাকী আৰক্ষীক নিলন্বন কৰে ।

জানিব পৰা অনুসৰি, গাঁওখনৰ লোককেইজনে বিষাক্ত চুলাই সেৱন কৰি ঘৰলৈ যোৱাৰ ঠিক ২-৩ ঘন্টাৰ পাচত বমি কৰিবলৈ আৰম্ভ কৰে । পৰৱৰ্তী সময়ত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে সতীশ (৩৫), কালুৱা (৪০), ৰঞ্জিত (৪০) আৰু সুখপাল (৬০) ৰ মৃত্যু হয় ।

উত্তৰ প্ৰদেশত বিষাক্ত চুলাই সেৱন কৰি মৃত্যু ৪ জনৰ
উত্তৰ প্ৰদেশত বিষাক্ত চুলাই সেৱন কৰি মৃত্যু ৪ জনৰ

ইফালে বাকী কেইগৰাকী লোকৰ অৱস্থাও অতি গুৰুত্বৰ হোৱাত সম্প্ৰতি আটাইকে কৰা হৈছে চিকিৎসালয়ত ভৰ্তি ।

গাঁওখনত এই দুৰ্ভাগ্যজনক ঘটনাৰ পাচতে বুলন্দচহৰ আৰক্ষী সক্ৰিয় হৈ পৰে আৰু এই চুলাই মদৰ বেপাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ।

ইফালে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ তদন্ত কৰি এই কাৰ্যৰে জড়িত লোকক কঠোৰতম শাস্তি দিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: মিজোৰামত Covid-১৯ ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.