ETV Bharat / bharat

চিকিত্‍সালয়ৰ পৰা ঘৰলৈ যোৱাৰ পৰামৰ্শ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক

মঙলবাৰে চিকিত্‍সকে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক চিকিত্‍সালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়ে । শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগি থকাৰ বাবে তেওঁক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিত্‍সকে ঘৰলৈ যোৱাৰ অনুমতি দিছে যদিও কিছুদিন তেওঁ অৰেল ষ্টেৰ'ইড আৰু ফিজিঅ'থেৰাপী অব্যাহত ৰাখিব লাগিব ।

চিকিত্‍সালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক

author img

By

Published : Dec 15, 2020, 4:16 PM IST

নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ: যোৱা ৯ ডিচেম্বৰৰ পৰা দক্ষিণ কলকাতাৰ আলীপুৰৰ এখন ব্যক্তিগত চিকিত্‍সালয়ত চিকিত্‍সাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক মঙলবাৰে দিনৰ ১১ বজাত চিকিত্‍সকে ঘৰলৈ যোৱাৰ অনুমতি দিয়ে । হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, 'তেওঁৰ শৰীৰৰ বিভিন্ন পেৰামিটাৰ বৰ্তমান সুস্থিৰ অৱস্থাত আছে । ৰাইলছ টিউব খোল খাই গৈছে । সেয়ে আজি তেওঁক ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে । চিকিত্‍সক-নাৰ্চৰ এটা দলে তেওঁ এম্বুলেন্সেৰে ঘৰলৈ লৈ যাব ।'

শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিত্‍সাৰ সময়ত তেওঁ নিজে মানসিকভাৱে আগবঢ়োৱা সহযোগিতাৰ বাবে কম সময়ৰ ভিতৰতে ক্ৰমাত্‍ সুস্থ হৈ উঠে । হাস্পতালৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বুদ্ধদেৱ ভট্টাচাৰ্য দীৰ্ঘদিন ধৰি COPDত আক্ৰান্ত হৈ আছিল ।

চিকিত্‍সালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বৰে পৰা তেওঁ বি আই পি এ পিৰ সহায়ত আছিল । সোমবাৰে হাস্পতাল কৰ্তৃপক্ষই জনাইছিল যে, মঙলবাৰে বি আই পি এ পি, নন ইনটেনছিভ ভেণ্টিলেটৰত ৰাখিয়েই তেওঁক ঘৰলৈ পঠিওৱা হ'ব । এগৰাকী চিকিত্‍সকে কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ফিজিঅ'থেৰাপী আৰু কিছুদিনলৈ অব্যাহত ৰাখিব লাগিব ।

লগতে পঢ়ক:চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.