ETV Bharat / bharat

RJD President Lalu Yadav : শুকুৰবাৰে উচ্চতম ন্যায়ালত লালু প্ৰসাদ যাদৱৰ আবেদনৰ শুনানি

শুকুৰবাৰে আৰজেডিৰ সভাপতি লালু যাদৱৰ জামিনৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। তেওঁৰ আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি হ'ব ।

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 11:06 AM IST

RJD President Lalu Yadav
আৰজেডিৰ সভাপতি লালু যাদৱ

নিউজ ডেস্ক, 25 আগষ্ট : পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱৰ জামিন অব্যাহত থাকিব নে পুনৰ জেললৈ যাব লাগিব সেই সন্দৰ্ভত শুকুৰবাৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷ অসুস্থতা আৰু চিকিৎসাৰ বাবে জামিন লাভ কৰা বুলি চিবিআইয়ে তেওঁৰ জামিনক প্ৰত্যাহ্বান জনাইছে যে, এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু জেললৈ গৈ শাস্তি সম্পূৰ্ণ কৰিব লাগে ৷

একে সময়তে চিবিআইয়ে দাখিল কৰা আবেদনৰ বিৰুদ্ধে লালু যাদৱেও উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷ শপতনামাত তেওঁ কয় যে, “চিবিআই সেই সিদ্ধান্তত সন্তুষ্ট নহয় বুলিয়েই শাস্তি স্থগিত ৰখাৰ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাব নোৱাৰি ৷” তেওঁৰ অসুস্থতা আৰু বাৰ্ধক্যৰ ওপৰত ভিত্তি কৰি লালুৱে কয় যে তেওঁক জিম্মাত ৰাখিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কোনো উদ্দেশ্য পূৰণ নহ’ব ৷

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে লালু যাদৱৰ প্ৰতিবাদী শপতনামা সন্দৰ্ভত যুক্তি শুনিব, ইয়াৰ পিছত আদালতে শুকুৰবাৰে সিদ্ধান্ত ল'ব বা চিবিআইক ইয়াৰ গোচৰ উপস্থাপন কৰিবলৈ সময় দিয়াৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰীৰ ৫ টা গোচৰত লালু প্ৰসাদ যাদৱ দোষী । অৱশ্যে আধা শাস্তি সম্পূৰ্ণ কৰাৰ পিছত, ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে ৷ ইয়াৰ পিছত তেওঁ ছিংগাপুৰত বৃক্ক সংৰোপণ কৰিছিল ৷

বহু চৰ্চিত পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হৈছে লালু যাদৱ ৷ চাইবাছা কোষাগাৰ সম্পৰ্কীয় দুটা গোচৰত ৩৭ কোটি আৰু ৮৯ লাখ অবৈধ লেনদেনৰ গোচৰত তেওঁক ৫-৫ বছৰৰ কাৰাদণ্ড বিহা হৈছে ৷ দেওঘৰ কোষাগাৰৰ ৮৯ লাখৰ গোচৰত তেওঁক তিনি বছৰৰ কাৰাদণ্ড, ডুমকা কোষাগাৰৰ ৩ কোটিৰ গোচৰত ১৮ বছৰৰ কাৰাদণ্ড আৰু ডোৰাণ্ডা কোষাগাৰৰ ১৩৯ কোটিৰ গোচৰতো তেওঁক ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছে ৷ এই সকলোবোৰ গোচৰতে তেওঁৰ ওপৰত আৰ্থিক জৰিমনাও আৰোপ কৰা হৈছে ৷ এই মুহূৰ্তত সকলো গোচৰতে জামিনত আছে লালু প্ৰসাদ যাদৱ ৷

লগতে পঢ়ক : Chandrayaan-3 : চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত বিৰোধীয়ে অপপ্ৰচাৰ আৰম্ভ কৰাৰ অভিযোগ অনুৰাগ ঠাকুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.